বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / এনএছইউআই এৰিলে ৰুচী গুপ্তাই

এনএছইউআই এৰিলে ৰুচী গুপ্তাই

সাংগঠনিক দিশ দুৰ্বল হোৱাৰ মূল কাৰণ বেণুগোপাল

নতুন দিল্লী,১৯ ডিচেম্বৰ:নেশ্যনেল ষ্টুডেণ্টচ ইউনিয়ন অফ ইণ্ডিয়া চমুকৈ এনএছইউআইৰ নেশ্যনেল ইনচাৰ্জ ৰুচি গুপ্তাই আজি কে.চি .বেণুগোপালক দোষী সাব্যস্ত কৰি নিজৰ পদত্যাগ কৰে ৷ উল্লেখযোগ্য যে তেওঁ তেওঁলোকৰ গ্ৰুপত মন্তব্য প্ৰকাশ কৰি কয় যে সংগঠনৰ সাংগঠনিক দিশবোৰ সম্পূৰ্ণকৈ গঠন নকৰাৰ বাবে আৰু এই গঠন প্ৰক্ৰিয়া পলম হৈ থকা বাবে তেওঁ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আৰু সেয়ে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছে ৷

নেশ্যনেল কমিটিৰ সভাপতিৰ নিযুক্তিৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় প্ৰায় ১বছৰ ৩ মাহ পাৰ হোৱাৰ পিছতো এইসকলক নিযুক্তি প্ৰদান কৰা হোৱা নাই ৷ বহুতবোৰ ৰাজ্যিক শাখাও নতুন মুখ অন্তৰ্ভুক্ত কৰাব বুলি ৰৈ আছে ৷ তেওঁ সাংগঠনিক সভাপতি বেণুগোপালক উদ্দেশ্য কৰি কয় যে তেওঁৰ বাবেই সমগ্ৰ সাংগঠনিক প্ৰক্ৰিয়াটোত বেমেজালিৰ সৃষ্টি হৈছে যিটো সঁচাকৈয়ে এক বৃহৎ সমস্যা হিচাপে দেখা দিছে ৷ এআইচিচিৰ সাধাৰণ সম্পাদকৰ পদতো অধিষ্ঠিত ৰুচি গুপ্তাই কয় যে ক’ভিড মহামাৰীৰ সময়ত সংগঠনটোৰ সদস্যসকলে যথেষ্ট কষ্ট কৰিছিল ৷ সেই কষ্ট অথলে যাবলৈ দিয়া নহ’ব ৷ ৰাহুল গান্ধীলৈ তেওঁ সকলোৰে নাম উল্লেখ কৰি পত্ৰ প্ৰেৰণ কৰিব বুলিও উল্লেখ কৰে গুপ্তাই ৷ (IANS)