শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / এশিকনি পালে উইনষ্টন কোম্পানীয়ে

এশিকনি পালে উইনষ্টন কোম্পানীয়ে

শ্ৰমিক আইন ভংগৰ অপৰাধত উইনষ্টনক কাম নিদিয়ে এপ’লে

বাংগালুৰু,১৯ ডিচেম্বৰ:যোৱা সপ্তাহত বাংগালোৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত উইনষ্টন কৰ্পৰেছনৰ শ্ৰমিকসকলে কৰ্মৰত অৱস্থাত সময়মতে দৰমহা নোপোৱাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰি প্ৰতিষ্ঠানৰ ভিতৰতে ব্যাপক ধ্বংসলীলা চলাইছিল ৷কেইবা শ কোটি টকাৰ সম্পত্তি ক্ষুদ্ধ শ্ৰমিকসকলে ধবংস কৰিছিল ৷ উল্লেখযোগ্য যে টাইৱানৰ কোম্পানী উইনষ্টনে প্ৰখ্যাত আমেৰিকান কোম্পানী এপ’লৰ আই ফোনকে ধৰি বিভিন্ন সামগ্ৰীৰ বাবে প্ৰয়োজনীয় ইলেক্ট্ৰনিকছ পাৰ্টছ যোগান ধৰে ৷ উইনষ্টনৰ বাংগালুৰুৰ উপকন্ঠ অঞ্চলত অৱস্থিত কাৰখানাত হোৱা এই শ্ৰমিকৰ লংকা কাণ্ডৰ এক বিতং তদন্ত এপ’ল কোম্পানীয়ে কৰিছিল ৷ তদন্তত উইনষ্টনৰ উৰ্ধতম কৰ্তপক্ষৰ দ্বাৰা শ্ৰমিকৰ কল্যাণৰ হকে প্ৰয়োজনীয় ব্যৱস্থা নোলোৱা বুলি উঠা অভিযোগ সত্য বুলি প্ৰমাণিত হয় ৷

ফলস্বৰূপে এপ’ল কোম্পানীয়ে শ্ৰমিকৰ কল্যাণৰ বাবে উইনষ্টন কৰ্তৃপক্ষই প্ৰয়োজনীয় পদক্ষেপ নোলোৱা পৰ্যন্ত কোনা নতুন কামৰ ঠিকা প্ৰদান কৰা নহ’ব বুলি ঘোষণা কৰিছে ৷ এপ’লৰ এনে ঘোষণাই এতিয়া টাইৱানৰ কোম্পানী উইনষ্টনৰ কৰ্তৃপক্ষৰ মাজত হাহাকাৰ লগাইছে ৷ উল্লেখযোগ্য যে এপ’লকে ধৰি বিশ্বৰ প্ৰখ্যাত প্ৰতিষ্ঠানসমূহ শ্ৰমিকৰ কল্যাণৰ বাবে প্ৰস্তুত কৰা নীতি নিয়মৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ ৷ বিশ্বৰ যি কোনো প্ৰান্ততে এপ’লৰ সৈতে ব্যৱসায়িক লেনদেন কৰা সকলো প্ৰতিষ্ঠানতে এই নীতি নিয়ম কঠোৰভাৱে বলবৎ কৰে এপ’লই ৷