বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / কংগ্ৰেছেও পাতিব চিন্তন শিবিৰ

কংগ্ৰেছেও পাতিব চিন্তন শিবিৰ

ৰাহুল সভাপতি হোৱাত আপত্তি নাই বোলে

নতুন দিল্লী,১৯ ডিচেম্বৰ: আজি কংগ্ৰেছ দলৰ শীৰ্ষ নেত্ৰী ছোনিয়া গান্ধীৰ সৈতে জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ এক বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত ৰাহুল গান্ধীক সভাপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত কৰাত কোনো নেতাই আপত্তি কৰা নাছিল বুলি আলোচনাত অংশগ্ৰহণকাৰী নেতাই মন্তব্য প্ৰকাশ কৰে ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন বানচালে কয়” বৈঠকত উপস্থিত থকা কোনো এজন নেতাই ইয়াৰ বিৰোধিতা কৰা নাছিল ৷ সকলোৱে জানে যে ৰাহুল গান্ধীৰ নেতৃত্বতহে দলটো আগবাঢ়ি যোৱাটো সম্ভৱ ৷ কিন্তু কিছুমান বাহিৰা শক্তিয়ে সেইয়া হোৱাতো নিবিচাৰে ৷ “আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা পৃথ্বীৰাজ চাৱনে কয়”আজি আমি মুঠ ১৯ গৰাকী জ্যেষ্ঠ নেতা উপস্থিত আছিলোঁ ৷ কেইবা ঘণ্টাযোৰা বৈঠক হৈছিল আৰু সকলোৱে দলটোক শক্তিশালী কৰাৰ বাবে কৌশল প্ৰস্তুতৰ কথা পাতিছিল ৷ “বানচালৰ মতে এই আলোচনাত সকলোকে নিজৰ চিন্তা ব্যক্ত কৰিবলৈ সুবিধা দিয়া হৈছিল আৰু সকলোৱে নিজৰ কথাবোৰ কৈছিল ৷

এই আলোচনা আছিল সম্পূৰ্ণ গঠনমূলক ৷ ছোনিয়া গান্ধী,ৰাহুল গান্ধী,প্ৰিয়ংকা গান্ধীয়েও ইয়াত বক্তব্য ৰাখিছিল ৷ ৰণদীপ সূৰ্যৱালাই কয়” আমাৰ দলৰ নেত্ৰী ছোনিয়া গান্ধীয়ে ক’ভিড নিয়মাৱলীৰ বাবে বহুত দিন ধৰি দলৰ নেতা কৰ্মীক সাক্ষাৎ কৰিব পৰা নাছিল ৷ কিন্তুু খুব সোনকালেই তেওঁ দলৰ নেতা কৰ্মীৰ ওচৰলৈ গৈ সমস্যা সমূহৰ বুজ ল’ব৷”দলটোৱে খুব কম দিনৰ ভিতৰতে চিন্তন শিবিৰ অনুষ্ঠিত কৰিব য’ত কৰ্মীসকলক সক্ৰিয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ আজিৰ সভাত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট,মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম, এ কে এন্টনী,অম্বিকা ছোনী,গোলাম নবী আজাদ আদি উপস্থিত আছিল ৷ ” আমি এটা পৰিয়ালৰ দৰে ৷ আমি একেলগে কাম কৰিম আৰু দলটোক শক্তিশালী কৰিবলৈ আমি বদ্ধপৰিকৰ”-এনেদৰে কয় ৰণদীপ সূৰ্যৱালাই ৷ (IANS)