শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ফেডাৰেল ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা

ফেডাৰেল ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা

বেংকৰ শ্বেয়াৰ বায়’বেক কৰিব পাৰিব কোম্পানীয়ে

ৱাশ্বিংটন,১৯ ডিচেম্বৰ: বিশ্বৰ সকলোতকৈ প্ৰভাৱশালী কেন্দ্ৰীয় বেংক আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ বেংকে এক নতুন নিৰ্দেশনাৰ যোগদি আমেৰিকা যুক্তৰাষ্ট্ৰত মুখ্য কাৰ্যালয় থকা বিশ্বৰ প্ৰধান বেংক যেনে জে পি মৰগান,চিটি বেংক, মৰগেন ষ্টেনলি ইত্যাদিক নিজৰ কোম্পানীৰ শ্বেয়াৰ বায়’বেক কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷

উল্লেখযোগ্য যে এই বেংকসমূহে চৰকাৰৰ পৰা বিভিন্ন আৰ্থিক সুবিধা বা ৰেহাই পোৱাৰ ফলস্বৰূপে যথেষ্ট মুনাফা অৰ্জন কৰে ৷ নিয়ম অনুসৰি বিত্তীয় অনুষ্ঠানে এই মুনাফাৰ ধন বেংকে গ্ৰাহকসকলৰ সুবিধাৰ বাবে ব্যয় কৰিব লাগে ৷ ঋণৰ হাৰ হ্ৰাস কৰা বা বেছি ঋণ প্ৰদান কৰিলে গ্ৰাহকৰ লগতে দেশৰ অৰ্থনীতিৰো যথেষ্ট লাভ হয় ৷

আনহাতে, বেংকসমূহে এই মুনাফাৰ ধন নিজৰ শ্বেয়াৰ বায়’বেকত ব্যয় কৰিলে কেবল বেংকৰ শ্বেয়াৰ হ’ল্ডাৰ বা বেংকৰ শ্বেয়াৰত বিনিয়োগ কৰা ব্যক্তিসকলৰহে লাভ হয় ,কাৰণ শ্বেয়াৰ বায়বেক কৰাৰ লগে লগে শ্বেয়াৰ বজাৰত বেংকৰ শ্বেয়াৰৰ মূল্য আগন্তুক দিনত বৃদ্ধি হয় ৷ বেংকসমূহৰ এনে শ্বেয়াৰ বায়বেকৰ ফলত সাধাৰণ গ্ৰাহক বা দেশৰ অৰ্থনীতিৰ কোনো উপকাৰ নহয় ৷ সেইবাবে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিশ্বৰ বিভিন্ন দেশত বেংকসমূহে নিজৰ শ্বেয়াৰ বায়বেক কৰাৰ ওপৰত যথেষ্ট প্ৰতিবন্ধকতা আৰোপ কৰা হয় ৷

আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ফেডাৰেল বেংকৰ এই ক্ষেত্ৰত শিথিলতা অৱলম্বন কৰাৰ অৰ্থ হৈছে যে সদ্যহতে আমেৰিকাৰ অৰ্থনীতি মোটামুটিভাৱে সঠিক ভাৱেই চলি আছে তথা সম্ভাব্য বিপদৰ আশংকা যথেষ্ট কম ৷ গতিকে আগন্তুক দিনসমূহত আমেৰিকা যুক্তৰাষ্ট্ৰত মুখ্য কাৰ্যালয় থকা বিশ্বৰ বিভিন্ন বেংকৰ শ্বেয়াৰ মূল্য বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে ৷ ইয়াৰ লগতে আমেৰিকাৰ লগত ঘনিষ্ঠ অৰ্থনৈতিক তথা বাণিজ্যিক সম্পৰ্ক থকা দেশসমুহৰ বেংকসমূহৰো শ্বেয়াৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷