বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / বিজেপিয়ে খুটি পুতিলে মহন্তৰ সমষ্টিত

বিজেপিয়ে খুটি পুতিলে মহন্তৰ সমষ্টিত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিত তেওঁৰ প্ৰাৰ্থীয়েই হাৰিল ৷ এই প্ৰতিবেদন লিখিছে ভাস্কৰ জ্যোতি শ‌ইকীয়াই

 নগাঁও,১৯ ডিচেম্বৰ: তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলে চিন্তিত কৰি তুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক। কাৰণ অগপ-বিজেপিৰ মিত্ৰতাক প্ৰত্যাহ্বান জনাই বঢ়মপুৰত মহন্ত শিবিৰে নিজাকৈ প্ৰক্ষেপ কৰা অগপৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে বিজেপিৰ প্ৰাৰ্থীৰ হাতত শোচনীয়ভাৱে পৰাজয়বৰণ কৰিবলগীয়া  হৈছে। ইয়াৰে ৩০নং নামবৰ লালুংগাঁও সমষ্টিত অগপ প্ৰাৰ্থী পোনাকণ বৰদলৈ বিজেপিৰ প্ৰাৰ্থী ইন্দ্ৰ বৰদলৈৰ হাতত পৰাজিত হৈছে। সমষ্টিটোত পোনাকণ বৰদলৈ তৃতীয় স্থানত থাকিবলগীয়া হৈছে। দ্বিতীয় স্থানত লাভ কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী শুক্লেশ্বৰী বৰদলৈয়ে।

আনহাতে, বঢ়মপুৰৰ আন এটা সমষ্টি ৩১নং লালুংপাৰ সমষ্টিটো মহন্ত প্ৰক্ষেপিত অগপ প্ৰাৰ্থী নগেন বৰদলৈ বিজেপিৰ মোহন বৰদলৈৰ হাতত পৰাজিত হৈছে। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী তৃতীয় স্থানত থাকিবলগীয়া হৈছে। উল্লেখযোগ্য যে বঢ়মপুৰত এইবেলি প্ৰফুল্ল কুমাৰ মহন্তই অগপ-বিজেপি মিত্ৰতাৰ বিপৰীত মেৰুত অৱস্থান কৰি দুগৰাকী প্ৰাৰ্থীক অগপৰ পৰা প্ৰক্ষেপ কৰিছিল। প্ৰাৰ্থী দুগৰাকীৰ সমৰ্থনত দিনে-নিশাই প্ৰচাৰ অভিযানতো ব্যস্ত হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত।

ইয়াৰ বিপৰীতে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হৈছিল সমষ্টিকেইটাৰ প্ৰভাৰী তথা বিধায়ক ৰূপক শৰ্মা। মহন্তৰ সমষ্টিত ব্যাপক প্ৰচাৰ চলাইছিল প্ৰাক্তন ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই আৰু বিজেপি নেতা জিতু গোস্বামীয়ে। আজি ঘোষিত ফলাফলে আঞ্চলিকাতাবাদৰ দূৰ্গ হিচাপে পৰিচিত বঢ়মপুৰত বিজেপিৰ শক্তিশালী স্থিতিক  প্ৰমাণ কৰিলে।