বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Biosphere  / বিৰল সাপৰ প্ৰজাতি আছে উত্তৰ পূবত

বিৰল সাপৰ প্ৰজাতি আছে উত্তৰ পূবত

শামুক খোৱা সাপ ওলাইছে অৰুণাচলৰ অৰণ্যত ৷ ৰূপক গোস্বামীৰ প্ৰতিবেদন

গুৱাহাটী,১৯ ডিচেম্বৰ: অৰুণাচল প্ৰদেশৰ বনাঞ্চলত এক বিৰল প্ৰজাতিৰ সাপ পোৱা গৈছে ৷ এই সাপবিধে শামুক খায় ৷ কামলাং ব্যাঘ্ৰ প্ৰকল্পত উদ্ধাৰ হোৱা এই সাপবিধক পৰেস কাদুৰী বুলি নামাকৰণ কৰা হৈছে ৷ হাৱা শিবিৰৰ পৰা পৰশুৰাম কুণ্ডলৈ যোৱা পথত এই সাপটো আৱিষ্কাৰ কৰা হয় ৷ এই সাপবিধ ঘাইকৈ চিৰসেউজ বনাঞ্চলত পোৱা যায় বুলি গৱেষক সকলে জনাইছে ৷ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ সন্তোষ কাদুৰৰ অৱদানৰ প্ৰতি সন্মান জনাই নতুনকৈ আৱিষ্কাৰ হোৱা এই সাপৰ প্ৰজাতিটোক তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে ৷ নামডফা ব্যাঘ্ৰ প্ৰকল্প আৰু মেহাও অভয়াৰণ্যতেই ঘাইকৈ এই সাপবিধ পোৱা যায় ৷ এই দুইখন অভয়াৰণ্যই মিছিমি পাহাৰৰ ওচৰত ৷ প্ৰায় তিনি হাজাৰ মেগাৱটৰ শক্তি প্ৰকল্পই ইয়াৰ বসতিস্থলত প্ৰভাৱ পেলাব ৷ অৱশ্যে গৱেষকসকলৰ মতে কেৱল এইবিধ সাপৰ বাবেই নহয় প্ৰায়বোৰ সৰীসৃপৰে আবাসভূমি উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচলৰ এই অঞ্চলত এই শক্তি প্ৰকল্পই প্ৰভাৱ পেলাব বুলি গৱেষকসকলে মন্তব্য কৰিছে ৷