দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সংসদত ক’ভিড হয় কিন্তু ৰেলীত নহয়

সংসদত ক’ভিড হয় কিন্তু ৰেলীত নহয়

ভাৰতীয় সংবিধানক অৱমাননা কৰিছে বিজেপিয়ে

লক্ষ্ণৌ,১৯ ডিচেম্বৰ: সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে বিজেপিয়ে দেশত সকলোধৰণৰ সাংবিধানিক বিধি ভংগ কৰা বুলি দলটোক সমালোচনা কৰিছে ৷ “বিজেপিয়ে কৰ’নাৰ বাবে সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত নকৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে কিন্তু সেই একে বিজেপিয়েই আকৌ পশ্চিমবংগত বৃহৎ সমাৰোহৰ আয়োজন কৰিছে ৷ ইয়াৰ প্ৰধান কাৰণ হ’ল বিজেপিয়ে গম পাইছে কৃষি বিলক লৈ সংসদত যথেষ্ট হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হ’ব ৷ সাংসদসকলৰ ক্ষোভৰ সন্মুখীন হ’ব দলটো ৷ সেই ভয়তে তেওঁলোকে এনে এটা অগণতান্ত্ৰিক সিন্ধান্ত গ্ৰহণ কৰিছে ৷ “কৃষি বিলখন গৃহীত হোৱাৰ আগতে কৃষকৰ লগত কোনো ধৰণৰ আলোচনা কৰা হোৱা নাছিল ৷ কাৰণ তেওঁলোকৰ সৎ সাহস নাছিল ৷ এতিয়া ইয়াৰ উপকাৰিতা বুজাবলৈ চেষ্টা কৰা হৈছে ৷ এম এছ স্বামীনাথনৰ ৰিপৰ্ট যদি গ্ৰহণ কৰা হয় তেন্তে কৃষকসকলৰ আয় দুগুণ হ’ব কিন্তু বিজেপিয়ে গ্ৰহণ কৰা কৃষক বিলৰ পৰা কৃষকসকল নিজেই শ্ৰমিকলৈ পৰ্যবসিত হ’ব ৷” (IANS)