দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / স্বাধীনতাৰ ৬০ বছৰ গোৱাৰ

স্বাধীনতাৰ ৬০ বছৰ গোৱাৰ

পৰ্তুগীজৰ কৱলৰ পৰা মুক্ত হোৱাৰ উৎসৱ পালন কৰিব গোৱাই

পানাজী,১৯ ডিচেম্বৰ:দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি গোৱাৰ ৬০ সংখ্যক স্বাধীনতা দিৱসৰ সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব ৷ উল্লেখযোগ্য যে মুঠ ৪৫১ বছৰ পৰ্তুগীজসকলে ঔপনিৱেশিক শাসন চলোৱাৰ অন্তত গোৱাই ১৯৬১ চনৰ ১৯ ডিচেম্বৰত স্বাধীনতা লাভ কৰিছিল ৷ আজি দুপৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে ডাব’লিম বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে তেওঁ ৰাজভৱনত কিছু সময় জিৰণি ল’ব আৰু সন্ধিয়া ৬ বজাত ৰাজ্যখনৰ আজাদ ষ্টেডিয়ামত সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব ৷

গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱন্তে কয় যে গোৱাৰ সকলো জাতি জনগোষ্ঠীয়ে এই সাংস্কৃতিক অনুষ্ঠানত নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিব আৰু উক্ত অনুষ্ঠানতেই গোৱাৰ ইতিহাস সম্পৰ্কে দহ মিনিটৰ এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ’ব ৷ ৬০ বছৰীয়া এই স্বাধীনতা লাভৰ কাৰ্যসূচী কেৱল স্বাধীনতাৰ আনন্দৰ উৎসৱ নহয় বৰঞ্চ ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ উন্নয়নক লৈ আনন্দ কৰাৰ বাবেও এই কাৰ্যসূচী উদযাপনৰ দিহা কৰা হৈছে বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ (IANS)