দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / আশা,সৃষ্টি,শক্তিক প্ৰতিনিধিত্ব কৰিব ৰাইজৰ দলে

আশা,সৃষ্টি,শক্তিক প্ৰতিনিধিত্ব কৰিব ৰাইজৰ দলে

ৰাইজৰ দলে উন্মোচন কৰিলে পতাকা,উদ্ধোধন কৰিলে কাৰ্যালয়

গুৱাহাটী,২০ ডিচেম্বৰ: কৃষক মুক্তি নেতৃত্বাধীন ৰাইজৰ দলে আজি ইয়াৰ মাদাৰ টেৰেছা পথৰ নতুন কাৰ্যালয়ত দলৰ পতাকা উন্মোচন কৰে ৷ “আমাৰ পতাকাৰ ৰং হালধীয়া ৷ হালধীয়া বেলিৰ ৰং ৷ বেলি হ’ল সভ্যতাৰ প্ৰতীক ৷ পৰিপক্বতাৰ ৰঙো হালধীয়া ৷ অসমীয়া জাতীয়তাবাদৰ পৰিপক্ক অৱস্থাক বুজাবলৈয়ো হালধীয়া ৰং ব্যৱহাৰ কৰা হৈছে ৷ ইয়াত ব্যৱহাৰ কৰা দলৰ নামটো নীলা আখৰেৰে লিখা হৈছে ৷ নীলা ৰঙে সাগৰৰ বিশালতাক বুজায় আৰু সীমাহীন আকাশকো নীলা ৰঙেই প্ৰতিনিধিত্ব কৰে ৷ সেয়ে দলটোৱে এই দুটা ৰঙক প্ৰাধান্য দিছে “- এনেদৰে  কয় ৰাইজৰ দলৰ মুখ্য আহ্বায়ক তথা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই ৷

আজি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ উদ্ধোধন কৰাৰ লগতে দলীয় পতাকাও উন্মোচন কৰা হয় ৷ এই উদ্ধোধনী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ৰাইজৰ দলৰ আহ্বায়ক ভাস্কো ডি শইকীয়াই কয়” বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাটোৱেই আমাৰ প্ৰধান লক্ষ্য ৷ আমি আঞ্চলিকতাবাদী শক্তিসমূহ ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ম ৷ মুঠতে আমি চৰকাৰ গঠন কৰিব পৰাকৈ প্ৰাৰ্থীত্ব দিম ৷ খুব সোনকালেই আমি অসম জাতীয় পৰিষদৰ লগত আলোচনাত বহি মিত্ৰতাৰ বিষয়টো নিশ্চিত কৰিম ৷

“উল্লেখযোগ্য যে কৃষক মুক্তিকে ধৰি ৭০ টা সংগঠনৰ নেতৃত্বত গঠন হোৱা ৰাইজৰ দলে বিগত ২ অক্টোবৰত ৰাইজৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু ২০২১ ৰ বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছিল ৷ আনহাতে,কৃষক মুক্তিৰ নেতা অখিল গগৈ কা – ৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ বাবে বিগত এবছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছে ৷ ৰাইজৰ দলে ইয়াৰ প্ৰথমখন অভিবৰ্তন মৰাণত অহা ৭,৮ আৰু ৯ জানুৱাৰীত অনুষ্ঠিত কৰিব ৷