বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Festival  / আৰম্ভ হ’ল দ্যা কাশ্মীৰ ফেষ্টিভেল

আৰম্ভ হ’ল দ্যা কাশ্মীৰ ফেষ্টিভেল

কাশ্মীৰী পণ্ডিতেে আয়োজন কৰিছে এই উৎসৱৰ

নতুন দিল্লী,২০ ডিচেম্বৰ:এমহীয়া কাৰ্যসূচীৰে কাশ্মীৰ উৎসৱ অৰ্থাৎ দ্যা কাশ্মীৰ ফেষ্টিভেল আৰম্ভ হৈছে আৰু এই উৎসৱৰ আয়োজক হৈছে গ্ল’বেল কাশ্মীৰী পণ্ডিত আৰু ‘আই এম বুদ্ধ’ ফাউণ্ডেচন ৷ ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই উৎসৱ অহা ২০২১ চনৰ ২০ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব ৷ এই সময়চোৱাত প্ৰতি দিনেই নিশা ৮ বজাৰ পৰা ‘আই এম বুদ্ধ’ৰ ফেচবুক আৰু ইউটিউব চেনেলযোগে ইয়াৰ কাৰ্যসূচীবোৰৰ লাইভ সম্প্ৰচাৰ হ’ব ৷ এই এমহীয়া উৎসৱত ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ঐতিহ্য ,সংস্কৃতিৰ ওপৰিও বিজ্ঞান,প্ৰযুক্তি,সাহিত্য,বিনোদন,কলা,স্বাস্থ্য আদি বিভিন্ন দিশত অৱদান আগবঢ়োৱা ব্যক্তিসকলক চিনাকি কৰাই দিয়া হ’ব আৰু উক্ত বিষয়বোৰত আলোচনা চক্ৰও অনুষ্ঠিত কৰা হ’ব ৷

এই উৎসৱৰ উদ্বোধনী অনুষ্ঠানত মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণী উপস্থিত থাকে ৷ গ্ল’বেল কাশ্মীৰী পণ্ডিত ডায়েচ’পাৰাৰ সহ প্ৰতিস্থাপক সুৰিন্দৰ কৌলে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ “স্মৃতি ইৰাণীয়ে আমাৰ কষ্ট আৰু সমস্যাসমূহ দেখিছে আৰু উপলব্ধি কৰিছে ৷ সেয়ে তেওঁ আমাৰ সম্প্ৰদায়টোৰ উন্নতিৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিছে”-এনেদৰে কয় বিজয় চৈথাইৱালে ৷ তেওঁ লগতে কয় যে সমগ্ৰ বিশ্ববাসীয়ে এতিয়া কাশ্মীৰী পণ্ডিতৰ সমস্যাৰ বিষয়ে অৱগত৷ “সকলোৱে আমাৰ অধিকাৰ  আমি ঘূৰাই পোৱাটো বিচাৰিছে ৷ আমাৰ সম্প্ৰদায়ৰ অৱদানৰ বিষয়েও সমগ্ৰ বিশ্বই  জানে ” এনেদৰে কয় চৈথাইৱালে ৷ (IANS)