বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কৃষক, ভগৱান একে বুলিলে ৰাৱটে

কৃষক, ভগৱান একে বুলিলে ৰাৱটে

"কৃষকৰ কথা নুশুনা মানে ভগৱানৰ কথা নুশুনা"

নতুন দিল্লী,২০ ডিচেম্বৰ: উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱটে আজি প্ৰতিবাদী কৃষকসকলক সাক্ষাৎ কৰে ৷ “যিসকলে কৃষকৰ বিৰুদ্ধে যুঁজ দিব তেওঁলোকে কৃষকক অসন্তুষ্ট কৰা নাই ,তেওঁলোকে ভগৱানক অসন্তুষ্ট কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সমস্যাৰ গুৰুত্ব বুজক”-এনেদৰে কয় হৰিশ ৰাৱটে ৷ তেওঁ লগতে এইবুলিও কয় যে তেওঁ আজি প্ৰতিবাদস্থলীলৈ ৰাজনীতি কৰিবলৈ অহা নাই ৷ কালি কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ পিছত আজি প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱটে কৃষকৰ প্ৰতিবাদস্থলীত উপস্থিত হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ উল্লেখযোগ্য যে ২০২২ চনত উত্তৰাখণ্ডত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু এই নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বতে কংগ্ৰেছ দলে ৰাজ্যখনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ গুণাগথা চলিছে ৷ (IANS)