মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Neighbours  / Bhutan  / থিম্ফুত লকডাউন

থিম্ফুত লকডাউন

প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ ৰাজধানীত আজিৰ পৰা পুনৰ লকডাউন

থিম্ফু,২০ ডিচেম্বৰ: প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিম্ফুত আজিৰ পৰা লকডাউন ঘোষণা কৰা হৈছে ৷ নেশ্যনেল ৰেফাৰেল হস্পিতালত এগৰাকী ২৫ বছৰীয়া যুৱতী ক’ভিড আক্ৰান্ত  বুলি চিনাক্ত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী লতে শ্বেৰিঙে এই লকডাউনৰ সিন্ধান্তৰ কথা ঘোষণা কৰে ৷ জিনহুৱা নিউজ এজেন্সিৰ এক উদ্ধৃতিত প্ৰকাশ পাইছে যে প্ৰধানমন্ত্ৰী শ্বেৰিঙে ৰাজধানীৰ পৰা বাহিৰলৈ যাব লগীয়া সকলো লোককে তেওঁলোকৰ যাত্ৰা বাতিল কৰিবলৈ নিৰ্দেশ দিছে আৰু একেবাৰে জৰুৰী নহ’লে সকলো লোককে নিজৰ ঘৰতে থাকিবলৈ আহ্বান জনাইছে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে এই কথাও জনাই যে যুবতীগৰাকীৰ সংস্পৰ্শলৈ অহা সকলো লোককে স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা বিচাৰি ওলিওৱা হ’ব আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ এই লকডাউনত সকলোধৰণৰ ডেলিভাৰী সেৱা বন্ধ ৰখা হৈছে আৰু আগন্তুক ৭২ঘণ্টালৈ এই সেৱা বন্ধ ৰখা হ’ব ৷ উল্লেখযোগ্য যে ভূটানত এতিয়ালৈকে ৪৪৩ জন ক’ভিড পজিটিভ ৰোগী চিনাক্ত হৈছে ৷ (IANS)