শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পশ্চিম বংগত ২০০

পশ্চিম বংগত ২০০

সমগ্ৰ বলপুৰেই গেৰুৱা হ’ল শ্বাহক অভিবাদন জনাবলৈ

কলকাতা,২০ ডিচেম্বৰ: আজি গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগৰ বীৰভূম জিলাত এক বিশাল ৰ’ড শ্ব’ত অংশ লয় ৷ ষ্টেডিয়াম ৰ’ডৰ হনুমান মন্দিৰৰ পৰা আৰম্ভ হোৱা এই ৰ’ড শ্ব’বলপুৰ চাৰ্কোলত অন্ত পৰে ৷ “আমাৰ দলে ২০২১ চনত পশ্চিম বংগত চৰকাৰ গঠন কৰিব সেইয়া নিশ্চিত ৷ আমাৰ দললৈ নতুন নতুন মানুহ আহি আছে আৰু আগন্তুক দিনত আৰু আহিব আমি ২০০ খনতকৈয়ো অধিক আসন পাম বুলি নিশ্চিত ৷

মমতা বেনাৰ্জীৰ অপশাসনত জনসাধাৰণ ক্ষুদ্ধ”- এনেদৰে কয় অমিত শ্বাহে ৷ তৃণমূল কংগ্ৰেছে সঘনাই ব্যৱহাৰ কৰি থকা ‘বহিৰাগত’ শব্দটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্বাহে কয় ‘পশ্চিম বংগই এজন বঙালী মুখ্যমন্ত্ৰীয়েই পাব ৷ “শান্তি নিকেতনত নবেল বটা প্ৰাপক ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পোনে পোনে তেওঁ বলপুৰৰ ৰ’ড শ্ব’ত অংশ লয় ৷ আজি সমগ্ৰ বলপুৰৰ ৰাস্তা পদূলি গেৰুৱা হৈ পৰে ৷ প্ৰতিজন সমৰ্থকে হাতত বিজেপিৰ গেৰুৱা পতাকা লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অভিবাদন জনায় ৷ (IANS)