বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিস্ফোৰণ কাবুলৰ এক নিয়মীয়া ঘটনা

বিস্ফোৰণ কাবুলৰ এক নিয়মীয়া ঘটনা

বিস্ফোৰণত ৯ জন নিহত,আহত ১৫

কাবুল,২০ ডিচেম্বৰ: কাবুল চহৰৰ স্পীন কালে স্কোৱাৰত আজি সংঘটিত এক বিস্ফোৰণত ৯ জন লোক নিহত হোৱাৰ লগতে ১৫ জন লোক গুৰুতৰভাৱে আহত হৈছে ৷ ফাৰদাজ ফাৰামাৰাজ নামৰ উপ মুখপাত্ৰ গৰাকীয়ে কয় যে উক্ত ঘটনাত তিনিখনকৈ গাড়ী জাহ গৈছে কিন্তু এই বিস্ফোৰণৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ কাবুলৰ সাংসদ হাজী খান মহম্মদ ৱাৰদকৰ গাড়ীক লক্ষ্য কৰি এই বিস্ফোৰক দলিওৱা হৈছিল বুলি এক বিশেষ সূত্ৰই জনাইছে ৷ অৱশ্যে সৌভাগ্যক্ৰমে সাংসদ গৰাকী ৰক্ষা পৰে ৷ এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ উল্লেখযোগ্য যে বিগত এক সপ্তাহত  কেইবাটাও এনে বিস্ফোৰণে কাবুল চহৰখন জোকাৰি গৈছে ৷ (IANS)