মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Economy  / Entrepreneurs  / বীমা কৰক,মালামাল হওক

বীমা কৰক,মালামাল হওক

জীবন বীমা প্ৰতিষ্ঠানৰ এই সংকটকালীন সময়ত আকৰ্ষণীয় পদক্ষেপ

নতুন দিল্লী,২০ডিচেম্বৰ:ক’ভিডৰ সংক্ৰমণ তথা দেশৰ  অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে এক বৃহৎ সংখ্যক সাধাৰণ ৰাইজৰ ভৱিষ্যতৰ আৰ্থিক নিৰাপত্তাৰ বিষয়ে দুঃচিন্তা অহাটো নিতান্তই স্বাভাবিক৷ এনে এক সংকটময় পৰিস্থিতিৰ মাজতে ভাৰতৰ প্ৰায়বোৰ প্ৰধান জীবন বীমা প্ৰতিষ্ঠানে সাধাৰণ ৰাইজক সকাহ দিবলৈ কিছুমান বিশেষ আকৰ্ষণীয় বীমা আঁচনি ঘোষণা কৰিছে ৷

ভাৰতী এক্সা লাইফ ইঞ্চুৰেন্স,আই ডি বি আই ফেডাৰেল লাইফ ইঞ্চুৰেন্স,মেক্স লাইফ ইঞ্চুৰেন্স ,আই চি আই চি আই প্ৰু লাইফ ইঞ্চুৰেন্স ইত্যাদি প্ৰতিষ্ঠানে এনে বীমা আঁচনি সমূহৰ যোগেদি বীমা সুৰক্ষাৰ ওপৰিও এক নিৰ্দিষ্ট লাভাংশ বীমাকাৰী সকলক মেচিয়ৰটিৰ অন্তত দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ইয়াৰ ফলস্বৰূপে বীমাকাৰী গ্ৰাহকসকলে তেওঁলোকৰ জীবন বীমাৰ সুৰক্ষা লাভ কৰাৰ ওপৰিও অৱসৰকালীন সময়ত এক নিৰ্দিষ্ট মোটা অংকৰ ধন ৰাশি লাভ কৰিব ৷ তাৰোপৰি এনে ধন ৰাশি পুত্ৰ-কন্যাৰ বিবাহ বা উচ্চ শিক্ষাৰ বাবেও ব্যয় কৰাত সুবিধা হ’ব ৷ শ্বেয়াৰ বজাৰৰ উত্থান পতনৰ লগত বা বেংকৰ সুতৰ হাৰৰ হ্ৰাস-বৃদ্ধিৰ লগত  মেচিয়ৰটিৰ অন্তত লাভ কৰা মোটা ধনৰাশিৰ কোনো সম্পৰ্ক নাথাকিব ৷ গতিকে এনে আকৰ্ষণীয় বীমা আঁচনিসমূহৰ জৰিয়তে বীমাকাৰীসকলৰ নিজৰ লগতে পৰিয়ালৰ  ভৱিষ্যতৰ আৰ্থিক দুঃচিন্তা বহুগুণে হ্ৰাস হ’ব বুলি আশা কৰিব পাৰি ৷

ভাৰতী এক্সা জীবন বীমাৰ এই আঁচনিৰ নাম হৈছে ভাৰতী এক্সা লাইফ গ্যৰাণ্টেড ইনকাম প্ৰু ৷ এনে আঁচনিৰ বিষয়ে বীমা প্ৰতিষ্ঠানটোৰ এজন শীৰ্ষ বিষয়াই কয় যে যিসকল লোকে বীমা কৰাৰ পাছত মনৰ শান্তি তথা এক সুনিৰ্দিষ্ট অৰ্থনৈতিক নিৰাপত্তা বিচাৰে,তেনে লোকসকলৰ বাবে এনে আঁচনি সমূহ অতিকৈ উপযুক্ত ৷ অনাগত দিনসমুহত বীমা প্ৰতিষ্ঠানসমূহৰ এনে আকৰ্ষণীয় আঁচনিসমূহ যথেষ্ট জনপ্ৰিয় হ’ব বুলি আশা কৰিব পাৰি ৷ (IANS)