সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Economy  / Entrepreneurs  / ‘সবল’ হ’ব নুমলীগড় শোধানাগাৰ

‘সবল’ হ’ব নুমলীগড় শোধানাগাৰ

নুমলীগড় শোধানাগাৰৰ শোধন ক্ষমতা বৃদ্ধিৰ পৰিকল্পনা

গুৱাহাটী,২০ ডিচেম্বৰঃ অসমৰ ৰাজহুৱা খণ্ডৰ এক বিখ্যাত প্ৰতিষ্ঠান নুমলীগড় শোধানাগাৰৰ শোধন ক্ষমতা বৃদ্ধিৰ লগতে আন কেতবোৰ নতুন প্ৰকল্পৰো ঘোষণা কৰা হৈছে ৷ মুঠ ৯৪৯ কোটি টকা ব্যয়সাপেক্ষ এই আচঁনিৰ যোগেদি শোধানগাৰটোৰ শোধন ক্ষমতা বৰ্তমানৰ বছৰি ৩ এম এম টিৰ পৰিৱৰ্তে বছৰি ৯ এম এম টি কৰিবলৈ পৰিকল্পনা কৰা হৈছে ৷ তাৰোপৰি মুঠ ২,২০০কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন উৰিষ্যাৰ পাৰাদ্বীপ বন্দৰৰ পৰা নুমলীগড় শোধানাগাৰলৈ স্থাপন কৰা হ’ব ৷

আনহাতে, ১৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত -বাংলাদেশ মৈত্ৰী পাইপলাইন শিলিগুড়িৰ মাৰ্কেটিং টাৰমিনেল পৰা বাংলাদেশৰ পৰ্বতীপুৰ অঞ্চললৈ স্থাপন কৰা হ’ব ৷ শোধানাগাৰটোৱে ইতিমধ্যে আন দুটা গুৰত্বপূৰ্ণ প্ৰকল্পৰ কামো হাতত লৈছে ৷ ইয়াৰে এটা হ’ল দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে বাহঁৰ পৰা ইথানল উৎপাদন কৰা জৈৱ শোধানাগাৰ আৰু আনটো হ’ল ইন্দ্ৰধনুছ গেছ গ্ৰীড লিমিটেড ৷

উল্লেখযোগ্য যে এই ইন্দ্ৰধনুচ গেছ গ্ৰীড লিমিটেডৰ যোগেদি উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ৰাজধানীক নেছনেল গেছ গ্ৰীডৰ লগত সংলগ্ন কৰা হ’ব ৷ নুমলীগড় শোধানাগাৰৰ এক বিভাগীয় সূত্ৰই জানিবলৈ দিয়া অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ সচিব শৈলচে শুক্ৰবাৰে নুমলীগড় শোধানাগাৰৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় ভ্ৰমণ কৰে তথা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় ৷

তাৰোপৰি শোধানাগাৰটোৱে অইল ইণ্ডিয়াৰ লগত এক নতুন চুক্তিৰ যোগেদি নুমলীগড়-শিলিগুৰিৰ পাইপলাইনৰ বহন ক্ষমতা বৰ্তমানৰ ১.৭২ এম এম টি পি এৰ পৰা ৫.৫ এম এম টি পি এলৈ ২০২৪ চনৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আন এক চুক্তি স্বাক্ষৰ কৰিছে ৷