বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আকৌ আহিব ‘কুলী নং১’

আকৌ আহিব ‘কুলী নং১’

'গোবিন্দ-কৰিশ্মা'ৰ স্থানত এইবাৰ 'বৰুণ-ছাৰা'

নতুন দিল্লী,২১ ডিচেম্বৰ: নৱপ্ৰজন্মৰ অভিনেতা বৰুণ ধাৱনে ‘কুলী নং১’ চলচ্চিত্ৰত পিতৃ ডেভিদ ধাৱনৰ লগত একেলগে কাম কৰি যথেষ্ট সুখী বুলি ব্যক্ত কৰিছে ৷ ‘ম্যে তেৰা হিৰ’,’ঝুৰুৱা টু’ৰ পিছত তেওঁ পুনৰ মুক্তি পাবলগীয়া এই চলচ্চিত্ৰখনৰ বাবে একেলগে কাম কৰি অত্যন্ত গৌৰৱ অনুভৱ কৰা বুলি কয় ৷ নিজ পিতৃৰ কাম কৰা শৈলীৰ বিষয়ে উল্লেখ কৰি বৰুণ ধাৱনে কয়”তেওঁ সকলো কাম সম্পূৰ্ণ কৰাৰ বাবে এক নিৰ্দিষ্ট সময় ঠিক কৰি লয় আৰু সকলোকে সেই কাম উক্ত সময়ৰ ভিতৰত সম্পাদন কৰিবলৈ কয় আৰু সকলোৱে কৰাৰ পিছত সকলো নিশ্চিন্ত হৈ পৰে ৷

“কুলী নং১ চলচ্চিত্ৰখন ১৯৯৫ চনতে নিৰ্মাণ কৰা হৈছিল আৰু গোবিন্দ আৰু কৰিশ্মা কাপুৰে ইয়াত অভিনয় কৰিছিল ৷ ছবিখনৰ নিৰ্দেশক আছিল ডেভিদ ধাৱন আৰু সেইখন বক্স অফিচৰ হিট আছিল ৷ পুনৰ সেইখন চলচ্চিত্ৰকে তেওঁ নিৰ্মাণ কৰিছে ৷ এই ৰিমেকত কৰিশ্মাৰ স্থানত ছাৰা আলী খানে অভিনয় কৰিছে আৰু গোবিন্দৰ স্থানত বৰুণ ধাৱনে অভিনয় কৰিছে ৷ বৰদিনত মুক্তি পাব লগীয়া এই চলচ্চিত্ৰখনত আন চৰিত্ৰসমূহত অভিনয় কৰিছে ৰাজপাল যাদৱ,জনী লিভাৰ আৰু পৰেশ ৰাৱলে ৷ (IANS)