বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / ক’ত যাব,গুগলতেই পাব !

ক’ত যাব,গুগলতেই পাব !

গুগলৰ দ্বাৰা পৰ্যটন উদ্যোগক সকাহ

নতুন দিল্লী,২১ ডিচেম্বৰ: ক’ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বৰে অৰ্থনীতিত মন্দাৱস্থা দেখা গৈছে ৷ পৰ্যটন উদ্যোগত এই মন্দাৱস্থাৰ আটাইতকৈ বেছি প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ এনে অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি গুগলে সদ্যহতে এক নতুন ৱেবছাইট আৰম্ভ কৰিছে যাৰ যোগেদি পৰ্যটন তথা পৰ্যটক সকলৰ বহু গুৰুত্বপৃৰ্ণ তথ্য অতি সহজতে পোৱা যাব ৷ ইয়াৰ ফলস্বৰূপে পৰ্যটনৰ লগত জড়িত সন্থাসমূহে নিজৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ সুবিধা পাব ৷ ‘ট্ৰেভেল ইনছাইট উইথ গুগুল’ নামৰ ৱেবছাইটৰ যোগেদি আগন্তুক দিনত ক’ত ,কেনেকৈ,কি ইত্যাদি প্ৰশ্নবোৰৰ সঠিক উত্তৰ তৎক্ষণাত পৰ্যটন উদ্যোগৰ নখদৰ্পনত থাকিব ৷

এই ব্যৱস্থাৰ যোগেদি পৰ্যটক সকলৰ হোটেল সংক্ৰান্তীয় তথা গন্তব্য স্থান সম্পৰ্কীয় তথ্যসমূহ পৰ্যটনৰ লগত জড়িত সন্থাসমূহে সহজতে লাভ কৰিব ৷ তাৰোপৰি এই ৱেবছাইটৰ যোগেদি ভাৰতৰ পৰ্যটকসকলে পৃথিৱীৰ আন  অঞ্চলবোৰ কেতিয়া তথা কেনেধৰণে ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰে,তাৰো সঠিক তথ্য থাকিব ৷ উদাহৰণস্বৰূপে প্ৰত্যেক বছৰে এক বিশেষ মাহত ভাৰতীয় পৰ্যটক সকলে কোন সমূহ স্থান সৰ্বাধিক ভ্ৰমণ কৰে,তাৰো তথ্য সন্নিবিষ্ট হৈ থাকিব ৷ ভাৰতৰ পৰ্যটন উদ্যোগত গুগলৰ এই শেহতীয়া সংযোজনে আগন্তুক দিনত পৰ্যটন খণ্ডক যথেষ্ট প্ৰভাৱিত কৰিব বুলি আশা কৰিব পাৰি ৷ (IANS)