মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / গৰুক স্বনিৰ্ভৰ কৰক !

গৰুক স্বনিৰ্ভৰ কৰক !

যোগীৰ ৰাজ্যত গোধন অসুৰক্ষিত বুলি দাবী কৰিলে প্ৰিয়ংকাই

লক্ষ্ণৌ,২১ ডিচেম্বৰ: কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক গৰুৰ বাবে ‘গোধন ন্যায় যোজনা’ আৰম্ভ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে গোধনৰ বাবে নিকটবৰ্ত্তী ৰাজ্য ছত্তীশগড়ে উক্ত যোজনা আৰম্ভ কৰাৰ ফলত ৰাজ্যখনৰ গোধনবোৰ সুৰক্ষিত হৈ আছে ৷ তেওঁ পত্ৰৰ লগতে ললিতপুৰ অঞ্চলৰ কিছুমান ৰুগীয়া, দুৰ্বল গৰুৰ আলোকচিত্ৰ সন্নিৱিষ্ট কৰি লিখিছে বিশুদ্ধ পানী আৰু খাদ্যৰ অভাৱৰ বাবে বহুত গৰুৱে ৰাজ্যখনত মৃত্যুক সাৱটিছে ৷

প্ৰিয়ংকাই মুখ্যমন্ত্ৰীগৰাকীক তেওঁৰ এক প্ৰতিশ্ৰুতি সোঁৱৰাই কয় যে তেওঁ ক্ষমতালৈ অহাৰ আগতে গোশালা খোলাৰ কথা কৈছিল আৰু তেওঁ এতিয়া গোশালা খুলিছে যদিও সেইবোৰৰ অৱস্থা অত্যন্ত শোচনীয়৷তদুপৰি ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰা গৰুবোৰক সুৰক্ষিত স্থানত নৰখাৰ বাবে শস্য পথাৰ নষ্ট কৰি কৃষকৰ বৃহৎ লোকচান কৰি আহিছে এই গৰুবোৰে ৷ ছত্তীশগড় চৰকাৰ এই আঁচনিৰ যোগেদি যথেষ্ট উপকৃত হৈছে আৰু এনেদৰে গোশালাত ৰখা গৰুৰ গোবৰ শুকুৱাই বিক্ৰী কৰি উপাৰ্জন কৰা ধন পুনৰ গৰুৰ খাদ্য বা অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ বাবে বিনিয়োগ কৰিব পৰা হৈছে যিটোক এক প্ৰকাৰ গৰুৰ স্বনিৰ্ভৰশীলতা বুলিয়ো ক’ব পাৰি বুলিও তেওঁ উল্লেখ কৰে ৷ (IANS)