মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Business  / তাচপাতৰ দৰে খহিল ছেনচেক্স

তাচপাতৰ দৰে খহিল ছেনচেক্স

ব্ৰিটেইনৰ বাবেই শ্বেয়াৰ বজাৰত খহনীয়া

মুম্বাই,২১ ডিচেম্বৰ: ইউৰোপীয় শ্বেয়াৰ বজাৰত আজি হোৱা ব্যাপক ধুমুহাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় শ্বেয়াৰ বজাৰতো ব্যাপক ধুমুহাৰ সৃষ্টি হৈছে ৷ ভাৰতীয় শ্বেয়াৰ বজাৰ যোৱা বেছ কিছুদিনত ক্ৰমান্বয়ে উত্থান ঘটাত কিছু সংখ্যক বিনিয়োগকাৰীয়ে মুনাফাৰ বাবে শ্বেয়াৰ বিক্ৰী কৰিব বুলি আশা কৰা হৈছিল যদিও আজিৰ দৰে ধুমুহাৰ সৃষ্টি হ’ব বুলি কোনেও ভবা নাছিল ৷ পুৱাৰ ভাগত বেংক তথা বিত্তীয় প্ৰতিষ্ঠান সমূহৰ শ্বেয়াৰ মূল্যৰ অৱনতি দেখা গৈছিল যদিও দুপৰীয়াৰ ভাগত প্ৰায় সকলো প্ৰতিষ্ঠানৰ শ্বেয়াৰ মুল্যৰ ব্যাপক অৱনতি হয় ৷ ফলস্বৰূপে ছেনচেক্স প্ৰায় ১৫০০পইণ্ট নিম্নগামী হয় ৷

 উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰে আজি শ্বেযাৰ বজাৰত সৃষ্টি হোৱা ধুমুহাৰ প্ৰধান কাৰণ হ’ল গ্ৰেট ব্ৰিটেইনকে ধৰি ইউৰোপৰ কেইবাখনো দেশত এক নতুন ধৰণৰ তথা পূৰ্বতকৈ বেছি ভয়ানক ক’ভিড ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ফলস্বৰূপে ভাৰতকে ধৰি বিভিন্ন ৰাষ্ট্ৰই গ্ৰেট ব্ৰিটেইনৰ লগত বিমান সেৱাৰ ক্ষেত্ৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰিছে ৷ ৩১ডিচেম্বৰৰ পাছত পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিহে পুনৰ বিমান সেৱা ব্ৰিটেইনৰ লগত মুকলি কৰা হ’ব পাৰে ৷

আনহাতে, ভাৰতত শ্বেয়াৰ বজাৰ যিহেতু পূৰ্বেতেও কিছু অৱনতি হ’ব বুলি অনুমান কৰা হৈছিল,সেইবাবে এই ধুমুহা বৰ বেছি দিন ক্ৰিয়া নকৰিব বুলি আশা কৰিব পাৰি ৷ আন দেশৰ তুলনাত গড় হিচাপত ভাৰতত ক’ভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ হাৰ যথেষ্ট কম ৷ তাৰোপৰি বিগত কেই মাহত ভাৰতত প্ৰায় সকলো ক্ষেত্ৰতে অৰ্থনৈতিক গতিশীলতা পুনৰ ঘূৰি অহা পৰিলক্ষিত হৈছে ৷ গতিকে বিনিয়োগকাৰী সকলে শ্বেয়াৰ বজাৰৰ এই অৱনতিৰ সদব্যৱহাৰ কৰি দৰাচলতে কিছু নিৰ্দিষ্ট ভাল প্ৰতিষ্ঠানৰ শ্বেয়াৰ ক্ৰয় কৰিলে আগন্তুক ৬ ৰ পৰা ১২ মাহৰ ভিতৰত  ভাল মুনাফা পোৱাৰ আশা আছে ৷