সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / মতিলাল ভ’ৰা আৰু নাই

মতিলাল ভ’ৰা আৰু নাই

কংগ্ৰেছ দলৰ এজন সৎ কৰ্মী হেৰাই ব্যথিত দলটো

নতুন দিল্লী,২১ ডিচেম্বৰ:জ্যেষ্ঠ কংগ্ৰেছ নেতা মতিলাল ভ’ৰাই ৯৩ বছৰ বয়সত আজি ইহলীলা সম্বৰণ কৰে ৷ মতিলাল ভ’ৰা আছিল গান্ধী পৰিয়ালৰ অতি বিশ্বস্ত ব্যক্তি ৷ ৯৩ সংখ্যক জন্মদিন উদযাপন কৰাৰ এদিন পিছতেই মৃত্যুক সাৱটি লোৱা ভ’ৰাই জীৱনৰ শেষ দিনটোলৈকে ৰাজনীতিত সক্ৰিয় হৈ আছিল ৷ ভ’ৰাই নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল এগৰাকী কাউঞ্চিলৰ হিচাপে ৷ ইয়াৰ পিছৰ পৰ্যায়ত তেওঁ ক্ৰমে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী,কেন্দ্ৰীয় মন্ত্ৰী,ৰাজ্যপাল আৰু দলৰ কোষাধ্যক্ষ হৈছিলগৈ ৷ মাৰ্চ মাহত ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যকাল শেষ কৰা ভ’ৰাই সংসদৰ শেষৰ দিনা সদনক সম্বোধন কৰি কয়“আজি উচ্চ সদনৰ শেষৰ দিনটোত মই দুৰ্গৰ জনসাধাৰণ যিখন আগতে মধ্য প্ৰদেশৰ অংশ আছিল তেওঁলোকক মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ৷

মই এজন কাউঞ্চিলৰ হিচাপে প্ৰথম মোৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলোঁ আৰু পিছলৈ মুখ্যমন্ত্ৰী হিচাপেও যিমান পাৰোঁ জনসাধাৰণক সেৱা কৰাৰ চেষ্টা কৰিছিলোঁ ৷ মোক এই সুবিধা দিয়াৰ বাবে মই কংগ্ৰেছ দল আৰু গান্ধী পৰিয়ালৰ ওচৰত চিৰকৃতজ্ঞ ৷ আজীৱন মই কংগ্ৰেছ দলৰ সেৱা কৰি যাম ৷ ”ভ’ৰাৰ মৃত্যুত কংগ্ৰেছ দলৰ পৰা প্ৰকাশিত শোকবাৰ্তাত লিখা হৈছে এইদৰে“ আমি দলৰ এজন জ্যেষ্ঠ নেতাক হেৰুওৱাই নহয় আমাৰ এজন শুভাকাংক্ষী,পৰামৰ্শদাতাক হেৰুৱালোঁ ৷ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী ভ’ৰাই দললৈ আগবঢ়োৱা অৱদান আছিল অতুলনীয়৷”কংগ্ৰেছ দল শাসনত থাকোতে তেওঁ বহুতবাৰ মন্ত্ৰীত্ব লাভৰ সুবিধা পাইছিল যদিও ছোনিয়া গান্ধীয়ে তেওঁক কোষাধ্যক্ষ পদত নিযুক্তি দিছিল ৷ ছোনিয়া গান্ধীৰ অত্যন্ত বিশ্বাসী আৰু ঘনিষ্ঠ আছিল ভ’ৰা ৷ ৰাহুল গান্ধীয়ে ভ’ৰাৰ মৃত্যুত টুইটাৰত নিজৰ শোক ব্যক্ত কৰে এনেদৰে“ভ’ৰাজী আছিল এগৰাকী প্ৰকৃত কংগ্ৰেছী ৷ তেওঁ আমাৰ দলৰ এক মানৱ সম্পদ ৷ আমি তেওঁক সদায় মনত ৰাখিম ৷ তেওঁৰ পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সমবেদনা জনালোঁ ৷” (IANS) ‘