মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / মিত্ৰতাৰ ধৰ্ম ভংগ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

মিত্ৰতাৰ ধৰ্ম ভংগ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

২১ত বঢ়মপুৰ বিজেপিৰ হাতত ৰাখিবলৈ নেতৃত্বক অনুৰোধ জনাব ৷ লিখিছে ভাস্কৰজ্যোতি শইকীয়াই

 নগাঁও, ২১ডিচেম্বৰ: “বঢ়মপুৰৰ ৰাইজে প্ৰফুল্ল মহন্তক বিচাৰি নাপায়। সেয়ে চুবুৰীয়া সমষ্টি হিচাপে মহন্তক নাপাই বঢ়মপুৰৰ ৰাইজে প্ৰতিদিনেই মোৰ ওচৰলৈ অভিযোগ লৈ আহে। ৰাইজক গুৰুত্ব নিদিয়াৰ বাবেই মহন্তক বঢ়মপুৰৰ ৰাইজে নিবিচৰা হৈছে। এতিয়া বঢ়মপুৰৰ ৰাইজে বিজেপিকহে বিচাৰে। সেয়ে অনাগত নিৰ্বাচনত বঢ়মপুৰ আমাৰ হাতত ৰাখিবলৈ দলীয় নেতৃত্বক অনুৰোধ জনাম”- নগাঁৱত আজি এই মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই।

তিৱা নিৰ্বাচনত নগাঁও জিলাৰ ১০টা সমষ্টিতে বিজেপিয়ে দখল কৰাৰ পিচত ৰূপক শৰ্মাই কয় “ৰাইজে এতিয়া উন্নয়ন বিচাৰে। উন্নয়নৰ বাবেই ৰাইজে বিজেপিক আদৰি লৈছে।” আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দীৰ্ঘদিনে প্ৰতিনিধিত্ব  কৰি থকা বঢ়মপুৰৰ দুয়োটা তিৱা স্বায়ত্বশাসিত পৰিষদৰ সমষ্টি বিজেপিয়ে দখল কৰা সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাই কয়, “মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই মহন্তই।

২০১৬ত মাত্ৰ কেইটামান ভোটৰ ব্যৱধানত মহন্ত জিকিছিল আৰু সেয়া বিজেপিৰ সহায়ৰ বাবেহে সম্ভৱ হৈছিল। কিন্তু মহন্তই সদায় বিজেপিৰ বিৰুদ্ধাচাৰণ কৰি আহিছে। পিচে মহন্তৰ বিৰুদ্ধাচৰণৰ পিচতো তিৱা নিৰ্বাচনত আমি সফল হ’লো। পঞ্চায়ত নিৰ্বাচনতো  মিত্ৰতা  নোহোৱাকৈয়ে বঢ়মপুৰৰ অধিকাংশ আসনেই আমি দখল কৰিছিলোঁ। লোকসভা নিৰ্বাচনতো মহন্তই ভোটবৰ্জন কৰাৰ পিছতো বঢ়মপুৰৰ ৰাইজে আমাক ৩৫হাজাৰ ভোটৰ অগ্ৰগতি প্ৰদান কৰিছিল। সেয়ে এইবাৰ আৰু বঢ়মপুৰ মহন্তক এৰি দিয়াৰ বাবে দলীয় কৰ্মী কোনোপধ্যে ৰাজী নহয়।” বিধায়ক ৰূপক শৰ্মাই লগতে কয় ২০২১ৰ নিৰ্বাচনত বঢ়মপুৰত বিজেপিৰ প্ৰাৰ্থীক টিকট দিবলৈ দলীয় নেতৃত্বক তেওঁ অনুৰোধ জনাব।

উল্লেখযোগ্য যে, ইতিমধ্যে বঢ়মপুৰত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে প্ৰাক্তন ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহায়ে। শেহতীয়া ভাৱে ৰাজেন গোঁহাই আৰু ৰূপক শৰ্মাৰ সংঘাত হ্ৰাস পোৱাৰ পিচতে  ৰূপক শৰ্মাই বঢ়মপুৰত ৰাজেন গোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে সাজু হোৱাৰ কথাও জানিব পৰা গৈছে। ইপিনে বঢ়মপুৰত বিজেপিৰ টিকট বিচাৰি নিৰ্বাচনী কুচকাৱাজ চলাই আছে বিজেপি নেতা জিতু গোস্বামী, জ্যেষ্ঠ সাংবাদিক সুনীল বৰা আৰু বিজেপিৰ নগাঁও জিলা সভাপতি অভিজিৎ নাথে।