বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / হাতত আছে ৯ দিন,গাড়ী কিনে যদি কিনক

হাতত আছে ৯ দিন,গাড়ী কিনে যদি কিনক

সকলো বাহনৰ দাম বঢ়াব মহিন্দ্ৰই

নতুন দিল্লী,২১ ডিচেম্বৰ: কভিড’ৰ সংক্ৰমণৰ পৰিপ্ৰক্ষিতত বিশ্বৰ অনান্য দেশৰ লগতে ভাৰতৰ অৰ্থনীতিও বিগত মাহবোৰত ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল ৷ কিন্তু এনে অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতো প্ৰায়বোৰ গাড়ী কোম্পানীয়ে বিগত মাহসমূহত তেওঁলোকৰ বিভিন্ন মডেলৰ গাড়ীৰ বিক্ৰী সন্তোষজনক বু্‌লি সদৰী কৰিছে ৷ ইয়াৰ কাৰণ হৈছে ক’ভিডৰ সংক্ৰমণ যথাসম্ভৱ কমাবলৈ গ্ৰাহকসকলে ব্যক্তিগত বাহনৰ জৰিয়তে যাতায়ত কৰাত গুৰুত্ব প্ৰদান কৰিছে ৷

উদাহৰণস্বৰূপে ২০২০চনৰ নৱেম্বৰত মহিন্দ্ৰা কোম্পানীটোৱে ৪২,৭৩১খন বাহন বিক্ৰী কৰিছে ৷ আনহাতে, ২০১৯চনৰ নৱেম্বৰত কোম্পানীটোৱে ৪১,২৩৫  বাহন বিক্ৰী কৰিছিল ৷ গতিকে অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতো মহিন্দ্ৰ কোম্পানীৰ বাহনৰ বিক্ৰী এবছৰত ৪% বৃদ্ধি হৈছে ৷ আনহাতে পেছেঞ্জাৰ বাহনৰ ক্ষেত্ৰত কোম্পানীটোৱে ২০২০চনৰ নৱেম্বৰত ১৮,২১২ খন বাহন বিক্ৰী কৰিছে আৰু এই সংখ্যা ২০১৯চনৰ নৱেম্বৰ মাহতকৈ ২৪% বৃদ্ধি পাইছে ৷

মহিন্দ্ৰা কোম্পানীৰ যাত্ৰীবাহী বাহন বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া বিজয় নাক্ৰাই কয় যে গ্ৰাম্য অঞ্চলত বাহনৰ বিক্ৰী যথেষ্ট বৃদ্ধি হৈছে আৰু ইয়াৰ লগতে অৰ্থনৈতিক মন্দাৱস্থা ক্ৰমান্বয়ে হ্ৰাস হোৱাৰ পৰিপ্ৰক্ষিতত আগন্তুক দিনবোৰতো কোম্পানীৰ বাহনৰ বিক্ৰী যথেষ্ট সন্তোষজনক হ’ব বুলি আশা কৰা হৈছে ৷ সেইবাবেই মহিন্দ্ৰা কোম্পানীয়ে ২০২১চনৰ ১ জানুৱাৰীৰ পৰা সকলো মডেলৰ বাহনৰ মূল্য বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে ৷ মহিন্দ্ৰা কোম্পানীৰ এই পদক্ষেপে আন কোম্পানীসমূহকো নিজৰ নিজৰ মডেলৰ বাহনসমূহৰ মূল্য বৃদ্ধি কৰিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে ৷ (IANS)