শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / অৰুণাচলীৰ ঠেলাত আতংকিত গঞা

অৰুণাচলীৰ ঠেলাত আতংকিত গঞা

অসম-অৰুণাচল প্ৰদেশৰ স্থায়ী সীমা সমস্যা সমাধানৰ দাবী। অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ পৰা প্ৰতিবেদন যুগুতাইছে অভিজিৎ ভূঞাই

অৰুণাচল সীমান্ত২২ ডিচেম্বৰ : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ আগ্ৰাসনত ক্ৰমে সংকুচিত হৈ পৰিছে অসমৰ ভূমি। অসমৰ চুবুৰীয়া ৰাজ্যখনৰ লগত সীমা সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইচ্ছা নকৰাৰ বাবেই সীমা বিবাদ নিষ্পত্তি নোহোৱা বুলি অভিযোগ উত্থাপন কৰিছে সচেতন মহলে। ফলস্বৰূপে সীমান্তৱৰ্তী অঞ্চলসমূহ স্পৰ্শকাতৰ এলেকা হিচাপে বিবেচিত হৈছে দিনকদিনে।

মন কৰিবলগীয়া যে চৰাইদেউ জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ চৰাইপুং অঞ্চলত পাঁচ হাজাৰ হেক্টৰ মাটি এতিয়া বেদখলকাৰীৰ কৱলত। অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত অৰুণাচলীয়ে এই মাটি দখল কৰা কথা বিগত সময়ত সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হৈছিল।

উল্লেখ্য যে ১৯৬২ চনৰ চাৰ্ভে অৱ ইণ্ডিয়াৰ জৰীপ অনুসৰি চৰাইপুং অঞ্চলত অবিভক্ত শিৱসাগৰ আৰু নেফাৰ (বৰ্তমান অৰুণাচল) সীমা টিয়ক নদীখনকেই নিৰ্ধাৰণ কৰিছিল। আনহাতে ১৯৭২ চনত পৃথক ৰাজ্যৰ মৰ্যদা পোৱাৰ পিছতো ১৯৬২ চনৰৱ ছাৰ্ভে অৱ ইণ্ডিয়াৰ জৰীপকে মানি লয় অৰুণাচল প্ৰদেশৰ প্ৰশাসনে। কিন্তু শেহতীয়াকৈ কিছু বছৰৰ পৰা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আৰু অৰুণাচলীৰ সহযোগত অসম-অৰুণাচল আন্ত:ৰাজ্যিক সীমা টিয়ক নদী পাৰ হৈ প্ৰায় আঠ কিলোমিটাৰ অতিক্ৰম কৰি লাহদৈগড়টোকহে অসম অৰুণাচল প্ৰদেশৰ সীমা বুলি দাবী কৰি অসমৰ চৰাইপুং অঞ্চলৰ বৃহৎ পৰিমাণৰ মাটি দখল কৰি এক উত্তেজনাৰ সৃষ্টি কৰি আহিছে একাংশ উদণ্ড অৰুণাচলীয়ে।

অতি গুৰুত্বপূৰ্ণ কথা যে চৰাইপুঙৰ বৃহৎ অংশ মাটি অৰুণাচল প্ৰদেশৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি ব্যৱসায়িক প্ৰতিষ্ঠান, আৰক্ষী চকী, স্কুল, বিদ্যুৎ , বিশুদ্ধ খোৱা পানী, চৰকাৰী গাঁওবুঢ়া, ৰাস্তাঘাট আদি নিৰ্মাণ কৰি ১৯৭৯ চনৰ অসম-অৰুণাচল স্থিতাৱস্থা চুক্তিক বাৰে বাৰে উলংঘা কৰি সীমান্তৱৰ্তী এলেকাকে ধৰি বনাঞ্চলৰ বৃহৎ পৰিমাণৰ মাটি বেদখলৰ কৌশল ৰচনা কৰি আহিছে অৰুণাচলীয়ে। মন কৰিবলগীয়া যে অৰুণাচল চৰকাৰে চৰাইপুং অঞ্চলৰ ৫ হাজাৰ হেক্টৰ মাটি নিজৰ বুলি দাবী কৰি আহিছে যদিও প্ৰকৃততে অৰুণাচল প্ৰদেশৰ ৰোচা বস্তিৰ ৰজাই ১৯৬৭ চনত অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ দিনত অসমৰপৰা পাঁচ বছৰত প্ৰতিবিঘাই এটকাকৈ লীজত লৈ  খেতি কৰিবলৈ লৈছিল। সেই সময়ত অৰুণাচল প্ৰদেশৰ ৰোচা বস্তিৰ ৰজা আৰু শিৱসাগৰ জিলাৰ উপায়ুক্তৰ মাজত এখন চুক্তি হোৱা বুলিও জানিব পৰা যায়।

সেই মৰ্মে প্ৰথম অৱস্থাত কেইঘৰমান অৰুণাচলীয়ে চৰাইপুং অঞ্চলত অস্থায়ীভাৱে ঘৰ সাজি ঝুম খেতি আৰু পানৰ খেতি কৰিছিল। সময় বাগৰাৰ লগে লগে এঘৰ দুঘৰকৈ প্ৰায় ১৫০ ঘৰ অৰুণাচলীয়ে চৰাইপুঙত স্থায়ীভাৱে বসবাস কৰাৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰৰ পৃষ্ঠপোষকতাত চৰাইপুং অঞ্চলৰ মাটি নিজৰ বুলি দাবী কৰাৰ লগতে সময়ে সময়ে সীমান্তৱৰ্তী অঞ্চলৰ অসমীয়া জনতাৰ ওপৰত অত্যাচাৰ চলাই পৰিৱেশ উত্তেজনাময় কৰি তুলি আহিছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১০ চনৰ ১৫ আগষ্টৰপৰা চৰাইপুং আৰক্ষী থানাৰ নিৰ্মীয়মাণ গৃহ ভাঙি চূৰমাৰ কৰাৰ লগতে অঞ্চলটোত বসবাস কৰা অসমীয়া জনসাধাৰণক অত্যাচাৰ চলোৱাৰ উপৰিও অসম-অৰুণাচল সীমান্তৰ লাহদৈগড় পাৰ হৈ কোনো স্থায়ীঘৰ নিৰ্মাণ নকৰিবলৈ অসম চৰকাৰক ভাবুকি প্ৰদান কৰিছিল। সেই সময়ত ১৬ টাকৈ অসমীয়া পৰিয়ালৰ গৃহ জ্বলাই এক অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰাত চৰাইপুঙৰ সেই পৰিস্থিতিৰ বুজ ল’বলৈ সেই সময়ৰ অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইকে ধৰি বহু কেইগৰাকী মন্ত্ৰী, বিধায়ক,অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে বিৰোধী দলৰ নেতা কৰ্মী তথা সদৌ অসম ছাত্ৰ সন্থা সহ ২৯ টাকৈ জাতীয়-জনগোষ্ঠীয়  সংগঠনৰ বিষয়ববীয়া উপস্থিত হৈছিল।

সীমান্ত অঞ্চল পৰিদৰ্শন কৰি থকা সময়তে একাংশ উদণ্ড অৰুণাচলীয়ে সীমান্তত গুলী ফুটোৱাই এক উত্তেজনময় পৰিস্থিতিৰো সৃষ্টি কৰিছিল যদিও সীমান্ত অঞ্চল পৰিদৰ্শন কৰা অসম চৰকাৰৰ মন্ত্ৰী তথা আৰক্ষী বিষয়া সকলে অৰুণাচলীৰ অত্যাচাৰ সহ্য কৰা নহ’ব আৰু অসমৰ এক ইঞ্চি মাটিও বেদখল কৰিব দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰিছিল । চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৰ চৰাইপুঙৰ উন্নয়ন কৰিবলৈ আঁচনি গ্ৰহণ কৰা লগতে সীমান্তবৰ্তী ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰা হ’ব বুলিও ঘোষণা কৰিছি। কিন্তু সেই হুংকাৰ তথা সীমান্তবাসীক দিয়া আশ্বাস আৰু প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনতহে পৰিণত হ’ল। পৰিবৰ্তন নহ’ল অঞ্চলটোৰ পৰিস্থিতি। এতিয়াও অব্যাহত আছে অৰুণাচলীৰ দপদপনি।

শেহতীয়াকৈ  চৰকাৰৰ নিৰ্লিপ্ততাৰ সুবিধা লৈ অসমৰ মাটিত স্থাপন কৰা হৈছিল অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ কেন্দ্ৰ। উল্লেখ্য যে অৰুণাচল প্ৰদেশত আজি অনুষ্ঠিত হৈছে ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচন। ইয়াৰ পৰিপ্ৰেক্ষিতত অৰুণাচল প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সীমান্তবৰ্তী অসমৰ মাটিতো প্ৰচাৰ চলাই অৰুণাচলীয়ে। আনকি চৰাইদেউ জিলা প্ৰশাসনৰ চকুত  ধূলি মাৰি অৰুণাচল প্ৰদেশৰ প্ৰশাসনে কামোক ৰুচা বস্তি প্ৰাথমিক বিদ্যালয় আৰু হাচিৰুচা নামৰ দুটা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰে। কিন্তু চৰাইদেউ জিলা প্ৰশাসনে পলমকৈ এই তথ্য লাভ কৰাত অভিযান চলাই আৰু অৰুণাচল প্ৰদেশৰ প্ৰশাসনে টিয়ক নদীৰ সিপাৰে অৰুণাচল প্ৰদেশৰ লংডিং জিলাত ভোটগ্ৰহণ অনুষ্ঠিত কৰে।

আনহাতে চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৰ বিবদমান এলেকাত অৰুণাচল প্ৰদেশৰ প্ৰশাসনে গোপনে ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰিব বিচৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে চৰাইদেউ জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবেই অৰুণাচলীয়ে সাহস পোৱা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মানিক গগৈয়ে। এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰপৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মানিক গগৈয়ে কয়, “ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সীমা সমস্যা স্থায়ী সমাধানৰ বাবে সদিচ্ছা নথকা বাবেই অসমৰ মাটি বেদখল কৰা লগতে  অসমৰ মাটিত ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰিবলৈ চেষ্টা চলাবলৈ সাহস পাইছে অৰুণাচলীয়ে।

আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে আছুৰ তৰফৰপৰা বাৰম্বাৰ আহ্বান জনাই অহাৰ পাছতো চৰকাৰে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। সেয়েহে অতি শীঘ্ৰে অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ দাবী জনাইছোঁ৷” এই সন্দৰ্ভত মত প্ৰকাশ কৰি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰাজু গগৈয়ে কয়, “চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে। সীমান্তৰ ৰাইজে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে। সীমান্তত অসমৰ মাটি বেদখল অব্যাহত আছে তাৰ পিছতো চৰকাৰে কোনো  গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ৷” ইফালে চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই কয়, “অসম-অৰুণাচল সীমান্তৱৰ্তী চৰাইপুং অঞ্চলৰ অসমৰ ভূমিত অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ কোনো ধৰণৰ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন হোৱা নাই।

আজি পুৱাৰে পৰা অসম অৰুণাচল সীমান্তৱৰ্তী কামকু ৰুচা বস্তি প্ৰাথমিক বিদ্যালয় আৰু হাচি ৰুচা নামৰ দুটা ভোট গ্ৰহণ কেন্দ্ৰত চৰাইদেউ জিলা আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাদীশ মোতায়েন কৰা হৈছিল। উক্ত দুয়োটা ভোটগ্ৰহণ কেন্দ্ৰত আজি কোনো ধৰণৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱা নাই। টিয়ক দলঙৰ সিপাৰৰ তথা অৰুণাচলৰ প্ৰদেশৰ অন্তৰ্গত লংডিং জিলাৰ ৰাডাং আৰ ডব্লিউ ডি বিল্ডিঙতহে আজি পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷”