সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আৰজেডিৰ বোলে স্বভাৱ সলনি নহয় !

আৰজেডিৰ বোলে স্বভাৱ সলনি নহয় !

আৰজেডিৰ তেজত অপৰাধবোধ আছে বুলি ক’লে জয়ছোৱালে

পাটনা,২২ডিচেম্বৰ: বিহাৰ বিজেপিৰ ৰাজ্যিক সভাপতি সঞ্জয় জয়ছোৱালে আজি বিৰোধী দল ৰাষ্ট্ৰীয় জনতা দলক কঠোৰ সমালোচনা কৰে ৷ সভাপতি গৰাকীয়ে কয় “নাৰকাটিয়া সমষ্টিৰ ৰাষ্ট্ৰীয় জনতা দলৰ বিধায়ক ছেমিম আহমেদে নিজৰ অপৰাধৰ তথ্যসমূহ লুকুৱাইছে ৷ আৰজেডিয়ে কেতিয়াও নিজৰ চৰিত্ৰ লুকুৱাব নোৱাৰে৷”বিধায়কজনে নিৰ্বাচন আয়োগত জমা দিয়া শপতনামাত তেওঁৰ সকলো অপৰাধৰ তথ্য লুকুৱাই ৰাখিছিল বুলি উল্লেখ কৰি তেওঁ কয় “ৰাজ্যিক বিজেপিয়ে নিৰ্বাচনী আয়োগত এই প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে গোচৰ তৰিব ৷”

বিজেপিৰ বিহাৰ শাখাই অহা ২৫ ডিচেম্বৰৰ ‘সু প্ৰশাসনৰ দিন’ অৰ্থাৎ ‘গুড গভাৰনেন্স ডে’ উদযাপন কৰিব আৰু সেই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া ভাষণ লাইভ টেলিকাষ্ট কৰিব বুলি তেওঁ উল্লেখ কৰে ৷ উল্লেখযোগ্য যে প্ৰতি বছৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনটো দলটোৱে গুড গভাৰনেন্স ডে হিচাপে উদযাপন কৰি আহিছে ৷ কিষাণ চোপাল কনফাৰেন্স সম্পৰ্কত তেওঁ কয় “৫৩৪ টা মণ্ডলত এই কিষাণ চোপাল কনফাৰেন্স দলটোৱে অনুষ্ঠিত কৰিব ৷ ইতিমধ্যে দলটোৰ তৰফৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত তিনিখন কৃষি আইনৰ সমৰ্থনত গণসমাবেশ অনুষ্ঠিত কৰা হৈছে ৷ বিহাৰৰ প্ৰায় ২.৫ লাখ কৃষকে এই কৃষি আইনৰ সমৰ্থনত গণসমাবেশত অংশ লৈছে ৷” (IANS)