শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘তৃণ’ৰ সলনি ‘পদুম’ ফুলাইহে এৰিব !

‘তৃণ’ৰ সলনি ‘পদুম’ ফুলাইহে এৰিব !

প্ৰতি মাহে এসপ্তাহকৈ থাকিব অমিত শ্বাহ

কলকাতা,২২ডিচেম্বৰ: গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিবাৰেই পশ্চিম বংগ ভ্ৰমণৰ সময়ত ৰাজ্যখনত সাত দিনকৈ কটোৱাৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখযোগ্য যে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ শক্তিশালী ভেটি উচন কৰিবলৈ উঠিপৰি লাগিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বাউল শিল্পীৰ পৰা কৃষকলৈ সকলোকে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিছে অমিত শ্বাহে ৷ বিধানসভা নিৰ্বাচনলৈ হাতত মাত্ৰ চাৰিটা মাহ থকা সময়ত অমিত শ্বাহে সঘনাই ৰাজ্যখন ভ্ৰমণ কৰি দলৰ ভেটি শক্তিশালী কৰিব বিচাৰিছে ৷ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে শ্বাহৰ ভ্ৰমণ সম্পৰ্কে কয় “এতিয়াৰ পৰা অমিতজীয়ে প্ৰতি মাহে ৰাজ্যখন ভ্ৰমণ কৰিব আৰু প্ৰতিটো ভ্ৰমণৰ সময়ত এক সপ্তাহকৈ থাকি দলৰ কৰ্মীৰ লগতে সাধাৰণ সদস্যক সাক্ষাৎ কৰিব ৷ তেওঁ অহা ১২জানুৱাৰীত পুনৰ ৰাজ্যখনলৈ আহিব ৷” (IANS)