দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ফেচবুক,টুইটাৰৰ বিৰুদ্ধে তদন্ত

ফেচবুক,টুইটাৰৰ বিৰুদ্ধে তদন্ত

আমেৰিকা,ইউৰোপত প্ৰখ্যাত টেকন’লজী প্ৰতিষ্ঠানৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ

নতুন দিল্লী,২২ডিচেম্বৰ: গুগল,ফেচবুক,টুইটাৰ ইত্যাদি প্ৰখ্যাত টেকন’লজী প্ৰতিষ্ঠানসমূহে নিজৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰৰ বাবে ব্যৱসায়ীক প্ৰতিদ্বন্দ্বীক অনৈতিকভাৱে বাধা প্ৰদান কৰা বুলি উত্থাপন হোৱা অভিযোগৰ বিপক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰ,ইউৰোপ তথা অষ্ট্ৰেলিয়াৰ সংশ্লিষ্ট চৰকাৰী বিভাগসমূহে তদন্ত আৰম্ভ কৰিছে ৷ এই তদন্ত তথা অনুসন্ধানৰ অগ্ৰগতিৰ বিষয়ে ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগেও তীক্ষ্ণ নজৰ দিয়া পৰিলক্ষিত হৈছে যিহেতু ভাৰততো এই প্ৰতিষ্ঠানসমূহে বিগত বছৰসমূহত এক বৃহৎ বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷

ভাৰত চৰকাৰৰ উচ্চপদস্থ চৰকাৰী বিষয়াৰ উদ্ধৃতি দি কোৱা হয় যে উন্নত দেশসমূহে এই তদন্ত প্ৰক্ৰিয়াটো সঠিক দিশত আগবঢ়াই নিবলৈ কাৰিকৰী তথা প্ৰযুক্তিগত দিশৰ পৰা সম্পূৰ্ণ সক্ষম তথা ভাৰতে আগন্তুক দিনসমূহত উন্নত দেশসমূহৰ এই বিষয়ৰ অভিজ্ঞতাৰ পৰা প্ৰয়োজনীয় শিক্ষা গ্ৰহণ কৰিব ৷

উল্লেখযোগ্য যে ২৭ টা উন্নত ইউৰোপীয় দেশৰ সংগঠন ইউৰোপীয়ান ইউনিয়নে ইতিমধ্যে এনে নিয়ম ভঙ্গকাৰী প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে অত্যন্ত কঠোৰ নীতি অৱলম্বন কৰি বাৰ্ষিক ৰাজহৰ ৬-১০% পৰ্য্যন্ত জৰিমনা বিহাৰ কথা ঘোষণা কৰিছে ৷ তাৰোপৰি এই ইন্টাৰনেট প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ মাধ্যমৰ যোগেদি বিভিন্ন অনৈতিক কাৰ্য যেনে সমাজত হিংসা তথা বৈষম্যমূলক বাৰ্তা প্ৰেৰণ কৰা,কিশোৰ-কিশোৰীক যৌন শোষনত অৰিহণা যোগোৱা,নাগৰিকৰ মৌলিক অধিকাৰত হস্তক্ষেপ কৰা,নিৰ্বাচনত অনৈতিকভাৱে ভুল তথ্য যোগান ধৰি এক নিৰ্দিষ্ট ফলাফলৰ বাবে উৎসাহিত কৰা ইত্যাদি ক্ষেত্ৰত জড়িত বুলি প্ৰমাণিত হলে গুৰুতৰ জৰিমনা তথা শাস্তিৰ সন্মুখীন হ’ব লাগিব ৷ ইতিমধ্যে ভাৰতৰ যথেষ্ট সংখ্যক সচেতন ব্যক্তিয়ে ইন্টাৰনেট প্ৰতিষ্ঠানসমূহৰ পৰা লাভ কৰা উপকাৰৰ লগতে অপকাৰিতাৰ দিশটোৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছে ৷ (IANS)