সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বছৰৰ অন্তিম বিমানখন আজি আহিব

বছৰৰ অন্তিম বিমানখন আজি আহিব

আজি পুৱাৰ ভাগত অৱতাৰণ কৰা বিমানত ৫ গৰাকী ক’ভিড ৰোগী

নতুন দিল্লী,২২ ডিচেম্বৰ: গ্ৰেট ব্ৰিটেইনৰ পৰা অহা ৫ গৰাকী যাত্ৰী ক’ভিড পজিটিভ ধৰা পৰিছে ৷ দিল্লী বিমানবন্দৰত ব্যক্তি কেইগৰাকী পজিটিভ ধৰা পৰাৰ পিছতে চট্টৰপুৰৰ চৰ্দাৰ ক’ভিড চেণ্টাৰলৈ প্ৰেৰণ কৰা হয় ৷ উক্ত বিমানখনত মুঠ ২৫০ গৰাকী যাত্ৰী আছিল আৰু সকলো যাত্ৰীৰে আৰটি পিচিআৰ টেষ্ট কৰা হৈছিল যদিও আন যাত্ৰী সকলৰ ৰিপৰ্ট নিগেটিভ আহিছিল ৷ কালি নিশাৰ ভাগৰ বিমান খনত ২৫০ গৰাকী যাত্ৰী অহাৰ বিপৰীতে আজি পুৱা ২২০ জন যাত্ৰী আহি নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান যোগে অৱতাৰণ কৰে ৷

ইতিমধ্যে ভাৰতে ব্ৰিটেইনৰ পৰা অহা সকলো বিমান ভাৰতত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ উল্লেখযোগ্য যে আজি নিশাৰ পৰা অহা ৩১ ডিচেম্বৰলৈ ব্ৰিটেইনৰ পৰা অহা যোৱা  কৰা সকলো বিমান অৱতৰণ আৰু উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাা হৈছে ৷ ব্ৰিটেইনৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীক আইশ্ব’লেচনত ৰখাটো বাধ্যতামূলক কৰা হৈছে ৷ ব্ৰিটেইনৰ পৰা অহা বিমান যাত্ৰী আৰু বিমানৰ ক্ষেত্ৰত বিশ্বৰ প্ৰায়বোৰ দেশতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ (IANS)