মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিশ্বভাৰতীত ভাষণ দিব মোডীয়ে

বিশ্বভাৰতীত ভাষণ দিব মোডীয়ে

এশ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠানত ভাষণ দিব মোডীয়ে

নতুন দিল্লী,২২ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা বৃহস্পতিবাৰে পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ এশ বছৰীয়া জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰদান কৰিব ৷ উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোডী বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু তেওঁ এই অনুষ্ঠানত বৃহস্পতিবাৰে দিনৰ ১১ বজাত ভাৰ্চুৱেল ভাষণ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জনাইছে ৷ ১৯২১চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এই বিশ্ববিদ্যালয় স্থাপন কৰিছিল পশ্চিম বংগৰ বীৰভূূম জিলাত ৷ ১৯৫১ চনত এই বিশ্ববিদ্যালয়খনৰ গুৰুত্ব বুজি সংসদীয় আইনৰ অধীনত কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰা হয় ৷ পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধানখাৰ আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখৰিয়াল নিশাংকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ (IANS)