বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / বিৰোধী নেতা হোৱাৰ মন শাৰদ পাৱাৰৰ

বিৰোধী নেতা হোৱাৰ মন শাৰদ পাৱাৰৰ

পাৱাৰে সুসম্পৰ্ক ৰক্ষা কৰিছে সকলোৰে সৈতে

নতুন দিল্লী,২২ডিচেম্বৰ: তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এনচিপিৰ নেতা শাৰদ পাৱাৰক পশ্চিমবংগ ভ্ৰমণলৈ আমন্ত্ৰণ জনোৱাৰ বিষয়টোৱে ৰাজনীতিৰ ভূ ৰখা মহলৰ মাজত গভীৰ উৎকণ্ঠাৰ সৃষ্টি কৰিছে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিৰামহীনভাৱে মমতা বেনাৰ্জীৰ চৰকাৰৰ ওপৰত আক্ৰমণ অব্যাহত ৰখাৰ সময়তে  আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত কংগ্ৰেছ দলৰ সলনি মমতা বেনাৰ্জীয়ে শাৰদ পাৱাৰক নিমন্ত্ৰণ জনোৱা বিষয়টো বিশেষ গুৰত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

এনচিপিৰ মুখপাত্ৰ নৱাব মলিকে কয়“ মমতা বেনাৰ্জীয়ে তেওঁৰ চৰকাৰক কেন্দ্ৰীয় চৰকাৰে আক্ৰমণৰ লক্ষ্য হিচাপে লোৱাৰ কথাটো আমাক জনাইছেে ৷ বিশেষকৈ বিজেপিৰ সভাপতি জেপি নাড্ডাৰ ভ্ৰমণৰ সময়ত তেওঁৰ ওপৰত আক্ৰমণ হোৱা বুলি আৰক্ষী বিষয়াকো অপ্ৰয়োজনীয়ভাৱে হাৰাশাস্তি কৰাটোৱে কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাৰ অপব্যৱহাৰৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিছে ৷ আমাৰ দলৰ নেতা শাৰদ পাৱাৰে এই কেইদিনতে মমতা বেনাৰ্জীক সাক্ষাৎ কৰিব ৷

”উল্লেখযোগ্য যে মুলায়েম সিং যাদৱ আৰু শাৰদ যাদৱৰ শাৰীৰিক অসুস্থতা আৰু লালু প্ৰসাদ যাদৱ কাৰাগাৰত বন্দী হৈ থকাৰ বাবে বিৰোধী দলৰ নেতা হিচাপে নিজকে শক্তিশালী কৰিব বিচাৰিছে শাৰদ যাদৱে ৷ আহমেদ পেটেলৰ মৃত্যুৰ পিছত ছোনিয়া গান্ধীৰো হাত এখন ছিঙি পৰাৰ নিচিনা হোৱা বাবে সমস্যাৰ সন্মুখীন হৈছে কংগ্ৰেছ ৷ সেই সুবিধাও ল’ব খুজিছে শাৰদ পাৱাৰে ৷ সাংসদৰ সংখ্যাৰ পৰা লক্ষ্য কৰিলে তৃণমূল কংগ্ৰেছ আৰু ডিএমকেৰ আসন বেছি ৷ শিৱসেনা ইতিমধ্যে ক্ষমতাত আছে আৰু অখিলেশ যাদৱ হৈছে বিজেপি বিৰোধী ৷ ইউপিএৰ অন্যান্য অংশীদাৰ সমূহ হ’ল ডিএমকে,আৰজেডি,জেএমএম,এনচিপি,তৃণমূল কংগ্ৰেছ আদি ৷

পাৱাৰে ইতিমধ্যে সৰু বৰ সকলো ৰাজনৈতিক দলৰ লগত এক সুসম্পৰ্ক ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ যদি ছোনিয়া গান্ধীৰ লগতো সেই সম্পৰ্ক অটুত ৰাখিব পাৰে তেন্তে ইউপিএক ক্ষমতাত অধিষ্ঠিত কৰাত অসুবিধা নহ’ব ৷ ইতিমধ্যে তেওঁ মুখ্যমন্ত্ৰী,কেন্দ্ৰীয় মন্ত্ৰী তথা বিৰোধী দলৰ নেতা আদি বিভিন্ন পদত অধিষ্ঠিত হৈছে ৷ ছোনিয়া গান্ধীৰ নাগৰিকত্বক লৈ তেওঁ কংগ্ৰেছ দলৰ পৰা ফালৰি কাটি আহিছিল যদিও কিন্তু ২০০৪ চনত কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ শিৱসেনাৰ নেতা সঞ্জয় ৰাৱটে কয় “ ৰাজনীতিত কি হয় কোনেও ক’ব নোৱাৰে ৷ শাৰদজীৰ যথেষ্ট অভিজ্ঞতা আছে ৷ তেওঁ সাধাৰণ মানুহৰ অভাৱ অভিযোগ বুজি পায় ৷” (IANS)