বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মুকলি বিতৰ্কৰ বাবে ছিচোদিয়া পালেগৈ লক্ষ্ণৌ

মুকলি বিতৰ্কৰ বাবে ছিচোদিয়া পালেগৈ লক্ষ্ণৌ

উন্নয়নৰ বাবে এক কাম কৰাৰ মানসিকতা লাগে

লক্ষ্ণৌ,২২ডিচেম্বৰ: দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ ছিচোদিয়া আজি উত্তৰ প্ৰদেশৰ মন্ত্ৰী সিদ্ধাৰ্থ নাথ সিঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি  লক্ষ্ণৌত উপস্থিত হয় ৷ উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ মন্ত্ৰীগৰাকীয়ে যোগী মডেল কেজৰিৱাল মডেলকৈ বহুত ওপৰৰ বুলি কেজৰিৱাল মডেলক কঠোৰ সমালোচনা কৰিছিল ৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত আপে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি ঘোষণা কৰাৰ পিছতেই উত্তৰ প্ৰদেশৰ এই মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা বিতৰ্কত অংশ গ্ৰহণ কৰিবলৈ তেওঁক আহ্বান জনাইছিল ৷ “তেওঁ মোক আহ্বান জনাইছিল আৰু সেই অনুসৰি মই আজি আহিছিলোঁ কিন্তু তেওঁ তেওঁৰ প্ৰতিশ্ৰুতি নাৰাখিলে ৷ আমি কোনো সমীক্ষাক বিশ্বাস নকৰোঁ,আমি মানুহৰ লগত প্ৰত্যক্ষ যোগাযোগত বিশ্বাসী”এনেদৰে কয় দিল্লীৰ উপমুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ ছিচোদিয়াই ৷

দিল্লীৰ ৬২ % ছাত্ৰছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰে ৷ “আমি আমাৰ বিদ্যালয় গৃহ প্ৰব্ৰজনকাৰীৰ বাবেও মুকলি কৰিছোঁ ৷ আমি প্ৰতি দিনেই ১৫ লাখ লোকক খাদ্য যোগানৰ ব্যৱস্থা কৰিছোঁ ৷ আমাৰ ওপৰত যেতিয়া ভুল তথা মিছা অপবাদ জাপি দিয়ে,তাক মিনিটে মিনিটে শুধৰাই স্পষ্টীকৰণ দিবলৈ আমাৰ হাতত কোনো মেছিন নাই ৷ ”উপমুখ্যমন্ত্ৰী গৰাকীক যেতিয়া সোধা হৈছিল , আপুনি কেনেকৈ দিল্লীৰ নিচিনা সৰু ৰাজ্য এখনৰ উন্নয়ন আৰু উত্তৰ প্ৰদেশৰ নিচিনা বৃহৎ ৰাজ্য এখনৰ  উন্নয়ন একে হ’ব  বুলি ভাবিলে ? তেওঁৰ উত্তৰ আছিল এনেধৰণৰ “ এই ৰাজ্যখন আয়তন তথা জনসংখ্যাৰ দিশত বৃহৎ বুলি সকলোৱে জানে কিন্তু সেই হিচাপে ৰাজহৰ উৎসও ইয়াত বেছি ৷ তাতকৈয়ো ডাঙৰ কথাটো হৈছে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ আগতে প্ৰাৰ্থী গৰাকীয়ে ইয়াৰ আয়তন,জনসংখ্যা আদিৰ বিষয়ে গম পোৱাৰ পিছতহে নিৰ্বাচনত অংশগ্ৰহণ কৰে গতিকে সমস্যা সমাধান কৰাটো সহজ ৷” (IANS)