বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Economy  / Entrepreneurs  / কথাই বেলেগ আইফোনৰ

কথাই বেলেগ আইফোনৰ

এপ’লৰ আই ফোন ১২ৰ সমগ্ৰ বিশ্বব্যাপী ব্যাপক জনপ্ৰিয়তা

নতুন দিল্লী,২৩ডিচেম্বৰ: সমগ্ৰ বিশ্বজুৰি ক’ভিড মহামাৰীৰ সংক্ৰমণৰ মাজতো এ’পল কোম্পানীৰ প্ৰখ্যাত আই ফোনৰ শেহতীয়া সংস্কৰণ আই ফোন ১২ৰ দ্বাৰা সমগ্ৰ বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰাৰ তথ্য আহিছে ৷ এই জনপ্ৰিয়তা অকল আমেৰিকা যুক্তৰাষ্ট্ৰতে নহয় বৰঞ্চ ভাৰত,চীন,জাপান,অষ্ট্ৰেলিয়া,ইউৰোপ,লেটিন আমেৰিকাৰ প্ৰায় সকলো দেশতে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত অভিলেখ সংখ্যক আই ফোনৰ বিক্ৰী হৈছে ৷

যোৱা বছৰৰ এই সময়চোৱাতকৈ এইবাৰ প্ৰায় ২১%বেছি আইফোন বিক্ৰী হৈছে ৷ মূলতঃ আই ফোন ১২ৰ বাবেই এই ২১% বৃদ্ধি সম্ভৱ হৈছে বুলি বজাৰ বিশেষজ্ঞসকলে মতপোষণ কৰিছে ৷ প্ৰধানকৈ তিনি প্ৰধান কাৰকৰ বাবে আই ফোন ১২ৰ বিক্ৰী আশাব্যঞ্জক হৈছে বুলি ধাৰণা কৰিব পাৰি ৷ প্ৰথম,কাৰিকৰী অতিৰিক্ত কিছু বৈশিষ্ট্য থকা স্বত্তেও তথা আকৰ্ষণীয় ডিজাইন হোৱা স্বত্তেও মূল্য তেনেকৈ বৃদ্ধি কৰা হোৱা নাই ৷

দ্বিতীয়তে,এ’পল কোম্পানীয়ে আই ফোন ১২ৰ বজাৰত মুকলি কৰি দিয়াৰ প্ৰাকমুহুৰ্তত যথেষ্ট প্ৰচাৰ অভিযান চলাইছিল ৷ তৃতীয়তে,5G প্ৰযুক্তিৰ বাবে গ্ৰাহকসকলে বজাৰত সবাতোকৈ শেহতীয়া প্ৰযুক্তিৰ মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ আগ্ৰহী ৷

উল্লেখযোগ্য যে আইফোনৰ নতুন সংস্কৰণ বজাৰত মুকলি হোৱাৰ প্ৰথম ৬সপ্তাহত গ্ৰাহকৰ পৰা আশাব্যঞ্জক সঁহাৰি পোৱা অত্যন্ত জৰুৰী ৷ এই সময়চোৱাতে গ্ৰাহকৰ পৰা আশাব্যঞ্জক সঁহাৰি নাপালে আইফোনৰ সেই বিশেষ মডেলটোৰ জনপ্ৰিয়তাৰ প্ৰতি প্ৰশ্ন উত্থাপিত হ’ব পাৰে ৷ আনহাতে কিছু দিনৰ আগতে এ’পলৰ ভাৰতত অৱস্থিত সহযোগী টাইৱানী প্ৰতিষ্ঠান উইনষ্টনৰ বাংগালোৰৰ সমীপৱৰ্তী ফেক্টৰীত বিক্ষোভকাৰী শ্ৰমিকৰ দ্বাৰা ব্যাপক ধ্বংসলীলা চলোৱা হৈছিল ৷ অৱশ্যে এই কাণ্ডই এপ’লৰ আইফোনৰ বিক্ৰীত কোনো প্ৰভাৱ নেপেলালে বুলি জানিব পৰা গৈছে ৷