বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কৃষকক দিব সম্পূৰ্ণ সমৰ্থন

কৃষকক দিব সম্পূৰ্ণ সমৰ্থন

তৃণমূল কংগ্ৰেছে ছিংগুৰৰ কৃষকৰ বাবেও প্ৰতিবাদ কৰিছিল

নতুন দিল্লী,২৩ ডিচেম্বৰ: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে আজি তেওঁৰ দলৰ কৃষক সকলৰ প্ৰতিবাদৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আছে বুলি উল্লেখ কৰে ৷ আজি দলটোৰ পাঁচগৰাকীকৈ সাংসদে সিংঘু সীমান্তত অনশন অব্যাহত ৰখা প্ৰতিবাদী কৃষকক সাক্ষাৎ কৰে ৷ এই সাক্ষাতৰ মাজতে কৃষকসকলৰ লগত তেওঁলোকৰ দলৰ নেত্ৰী মমতা বেনাৰ্জীক ফোনযোগে বাৰ্তালাপ কৰোৱা হয় ৷ বাৰ্তালাপৰ সময়ত প্ৰতিবাদী কৃষকসকলক মমতা বেনাৰ্জীয়ে  তেওঁলোকৰ প্ৰতিবাদৰ প্ৰতি তেওঁৰ দলৰ সম্পূৰ্ণ সমৰ্থন থকা বুলি উল্লেখ কৰাৰ লগতে আগন্তুক দিনত সকলোধৰণৰ সহযোগিতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

মমতা বেনাৰ্জীয়ে কয় যে যিসকল কৃষকে আনক খাদ্য যোগান ধৰে তেওঁলোকে এতিয়া নিজেই অনাহাৰে থাকিবলগীয়া হৈছে ৷ প্ৰতিবাদী কৃষকৰ কেইবাটাও গোটে পৃথকে পৃথকে মুখ্যমন্ত্ৰীগৰাকীৰ লগত মত বিনিময় কৰে ৷ আনকি গৰিষ্ঠসংখ্যক প্ৰতিবাদকাৰী কৃষকে সীমান্তলৈ তেওঁক আহিবলৈয়ো আহ্বান জনায় ৷ তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা এই কথা স্পষ্ট কৰা হয় যে দলটো সদায় কৃষকৰ পক্ষত থাকিব আৰু ইয়াৰ আগতেও তেওঁলোকে কৃষকক সমৰ্থন কৰিছিল ৷ “আজিৰ পৰা ১৪ বছৰ আগতে আমাৰ দলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ছিংগুৰত একেলগে ২৬ দিন অনশন কৰিছিল ৷ ছিংগুৰৰ কৃষকসকলক উপযুক্ত ন্যায় প্ৰদানৰ দাবীত তেওঁ এই অনশন কাৰ্যসূচী হাতত লৈছিল”-এনেদৰে দলৰ তৰফৰপৰা বিজ্ঞপ্তি প্ৰকাশ কৰা হয় ৷ আজি ছিংগুৰলৈ যোৱা তৃণমূল কংগ্ৰেছৰ সাংসদৰ দলটোক প্ৰতিনিধিত্ব কৰিছিল ক্ৰমে শতাব্দী ৰায়, প্ৰতিমা মণ্ডল ,প্ৰসূন বেনাৰ্জী,মহম্মদ নাদিমূল হক আৰু ডিৰাক অ’ব্ৰেইনে ৷  (IANS)