সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Bihar  / তেজস্বীয়ে আৰম্ভ কৰিলে আন্দোলন

তেজস্বীয়ে আৰম্ভ কৰিলে আন্দোলন

'মোডী কৃষক বিৰোধী আৰু শ্ৰমিক বিৰোধী'

পাটনা,২৩ ডিচেম্বৰ: কৃষক নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জন্ম দিৱসৰ দিনাই কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই বিহাৰৰ বিৰোধী দল ৰাষ্ট্ৰীয় জনতা দলে এক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে ৷ এই আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে তিনি খন কৃষি আইনৰ বিৰোধিতা কৰা হ’ব ৷ “আমি আমাৰ কৃষকসকলক ভিক্ষাৰী হোৱাৰ পৰা বচাব লাগিব ৷ নীতিশ কুমাৰৰ চৰকাৰে ২০০৬ চনতে এগ্ৰিকালছাৰ প্ৰডিউচ মাৰ্কেট কমিটি ভংগ কৰি দিছিল ৷ ইয়াৰ ফলত কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ অভাৱত ভুগিবলগীয়া হৈছে ৷ এই মাৰ্কেট ভংগ কৰাৰ ফলত মধ্যভোগীৰ সহায়ত তেওঁলোকে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলগীয়া হয়৷ন্যুনতম সমৰ্থিত মূল্যৰ তলত এই সামগ্ৰী বিক্ৰী কৰি অহা এই কৃষকসকলে এই তিনিখন কৃষি আইন বলবৎ হ’লে পথৰ ভিক্ষাৰীলৈ পৰ্যবসিত হ’ব”-এনেদৰে মন্তব্য দিয়ে যাদৱে ৷

পুনৰ তেজস্বী যাদৱে কয়“ ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰা হ’ব বুলি মোডী চৰকাৰে প্ৰতিশ্ৰুতি দিছিল ৷ এতিয়া মোডীৰ সেই প্ৰতিশ্ৰুতি ক’ত গ’ল ? কৃষকে যদি ন্যুনতম সমৰ্থিত মূল্যই নাপায় তেন্তে কেনেকৈ কৃষকৰ আয় দুগুণ হ’ব ? শীঘ্ৰেই এই মূল্য নিৰ্ধাৰণ কৰি বলবৎ কৰাৰ সিন্ধান্ত গ্ৰহণ কৰক মোডী আৰু নীতিশ চৰকাৰে ৷ ”“কৃষকসকল আমাৰ অন্নদাতা আৰু কেন্দ্ৰীয় চৰকাৰে এই অন্নদাতাক সন্ত্ৰাসবাদী সজাইছে ৷ এতিয়ালৈকে ৩০ জন কৃষকে প্ৰতিবাদৰ সময়ত প্ৰাণ হেৰুৱাইছে ৷ কেন্দ্ৰীয় চৰকাৰ অথবা বিহাৰ চৰকাৰ কোনেও মৃত কৃষকৰ আত্মাৰ সদগতি কামনা কৰি এটা শব্দ উচ্চাৰণ নাই কৰা ৷ এই দুইখন চৰকাৰেই কৃষক বিৰোধী আৰু শ্ৰমিক বিৰোধী”-তেজস্বী যাদৱে কয় ৷ উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় জনতা দলে সমগ্ৰ ৰাজ্যৰ ৩৮ খন জিলাতেই কৃষক আইনৰ বিৰোধিতা কৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব আৰু কৃষকসকলৰ দাবী সমূহ পূৰণ নোহোৱা পৰ্যন্ত এই আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব ৷ (IANS)