বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ত্ৰিপুৰাবাসী মহান-ববডে

ত্ৰিপুৰাবাসী মহান-ববডে

ই-সেৱা কেন্দ্ৰ মুকলি কৰিলে মুখ্য ন্যায়াধীশে

আগৰতলা,২৩ডিচেম্বৰ : প্ৰযুক্তিবিদ্যাই মানুহক ন্যায় আৰু ন্যায় ব্যৱস্থাৰ লগতএক নিকট সম্পৰ্ক ৰক্ষা কৰাত সহায় কৰিছে বুলি মন্তব্য কৰিছে মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই ৷ আজি আগৰতলাত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ই-সেৱা কেন্দ্ৰ মুকলি কৰি তেওঁ কয় যে এই নতুন কেন্দ্ৰটোৰ জৰিয়তে জনসাধাৰণৰ সমস্যাসমূহ সহজতে সমাধান কৰাত সহায় হ’ব ৷ ই -সেৱা কেন্দ্ৰ সমূহৰ জৰিয়তে  জনসাধাৰণে নিজৰ গোচৰৰ প্ৰতিটো পৰ্যায়ৰ বিষয়ে সময়ে সময়ে অৱগত হৈ থাকিব পাৰিব ৷ গোচৰবোৰৰ ই ফাইলিং কৰাটো সহায় কৰিব এই ই- সেৱা কেন্দ্ৰ সমূহে৷মুখ্য ন্যায়াধীশ গৰাকীয়ে ত্ৰিপুৰাৰ জনসাধাৰণে ১৯৭১ চনৰ যুদ্ধত গৃহহীন হোৱা শৰণাৰ্থীক আশ্ৰয় দিয়াৰ বাবে ত্ৰিপুৰাবাসীক ধন্যবাদ জনায় ৷ তেওঁ কয় যে এখন সৰু ৰাজ্য আৰু সম্পদৰ ফালৰ পৰা সিমান চহকী নহ’লেও ত্ৰিপুৰাবাসীয়ে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে ৷ তেওঁ পুনৰ কয়“সম্পদ কিমান আছে,সেয়া ডাঙৰ কথা নহয় বৰঞ্চ মানৱ সেৱা কৰিব পৰা এটা মনৰ গৰাকী হ’ব পৰাটোহে ডাঙৰ কথা ৷ ত্ৰিপুৰাবাসী মানৱতাৰ দিশৰ পৰা মহান ৷”
ত্ৰিপুৰাৰ অভিজাত সংস্কৃতিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়“কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰেও এই ৰাজ্যত কিছু দিন অতিবাহিত কৰিছিল ৷ তাৰোপৰি বিখ্যাত সংগীতজ্ঞ শচীন দেৱবৰ্মন আৰু ৰাহুল দেৱবৰ্মনেও এই ৰাজ্যক প্ৰতিনিধিত্ব কৰে৷অনুষ্ঠানটোত  ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অকিল খুৰেছীও উপস্থিত থাকে ৷ উল্লেখযোগ্য যে ন্যায়াধীশ ববডে বিগত দেওবাৰে গুৱাহাটীত উপস্থিত হৈছিল আৰু কাজিৰঙা অভয়াৰণ্যও ভ্ৰমণ কৰিছিল ৷