বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নেতৃত্ব সলনি হ’ব কংগ্ৰেছৰ !

নেতৃত্ব সলনি হ’ব কংগ্ৰেছৰ !

মধ্য প্ৰদেশত কংগ্ৰেছৰ নেতৃত্ব সলনি কৰাৰ যো-জা চলাইছে কেন্দ্ৰীয় নেতৃত্বই

ভূপাল,২৩ডিচেম্বৰ: ছোনিয়া গান্ধীৰ সোঁহাত স্বৰূপ আহমেদ পেটেলৰ মৃত্যুৰ পিছত কংগ্ৰেছ নেত্ৰীগৰাকীৰ সন্মুখত গুৰুত্ব বৃদ্ধি পাইছে মধ্য প্ৰদেশৰ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি কমল নাথৰ ৷শেহতীয়াকৈ কমল নাথক দলটোৰ সভাপতিৰ পদৰ পৰা আঁতৰাই কেন্দ্ৰীয় সমিতিলৈ অনাৰ যো-জা চলা বুলি কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰিছে ৷ ২৮ ডিচেম্বৰৰ পৰা ৰাজ্যখনত বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’ব আৰু তাৰ আগদিনা অৰ্থাৎ ২৭ ডিচেম্বৰত কমল নাথে এক দলীয় সভা অনুষ্ঠিত কৰিছে য’ত তেওঁ বিৰোধী দলৰ নেতা পদটো ইস্তফা দিয়াৰ সিন্ধান্তৰ বিষয়ে জনাব পাৰে বুলি নাথৰ ঘনিষ্ঠ মহলে আশা প্ৰকাশ কৰিছে ৷ ৰাজ্যিক সভাপতি হিচাপে হয়তো তেওঁ অনাগত দিনত কাৰ্যভাৰ চম্ভালিব বুলি আশা কৰা হৈছে ৷ ৰাজ্যখনত ২০২৩ চনত নিৰ্বাচন অনুষ্ঠিত হ’ব সেয়ে কমল নাথক এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰো গুণাগথা চলা বুলি শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে ৷ (IANS)