শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ স্মৃতিচাৰণ

প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ স্মৃতিচাৰণ

কৃষক বিদ্ৰোহৰ মাজতে কৃষক নেতা চৰণ সিঙক স্মৰণ কৰিলে মোডী শ্বাহে

নতুন দিল্লী,২৩ডিচেম্বৰ:কৃষকৰ প্ৰতিবাদ সুদীৰ্ঘ এমাহ ধৰি অব্যাহত থকাৰ সময়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰয়াত নেতা চৌধুৰী চৰণ সিঙৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি জনাই কৃষকসকলৰ প্ৰতি তেওঁ আগবঢ়োৱা অৱদানৰ বিষয়ে স্মৰণ কৰে৷“ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙে গ্ৰামাঞ্চলৰ উন্নয়নত সৰ্বাধিক গুৰুত্বপ্ৰদান কৰাৰ লগতে কৃষকসকলৰ বাবেও যথেষ্ট কাম কৰিছিল ৷ তেনে এগৰাকী নেতাক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছো”- এনেদৰে কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ উত্তৰ প্ৰদেশৰ হাপুৰত জন্মগ্ৰহণ কৰা চৰণ সিঙে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ১৯৭৯ চনৰ পৰা ১৯৮০ চনৰ জানুৱাৰীলৈকে কাৰ্যনিৰ্বাহ কৰিছিল৷আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহে কয়“চৌধুৰী চৰণ সিঙে সমগ্ৰ জীৱন কৃষকৰ বাবেই কাম কৰিছিল ৷ তেওঁ এক সৰল জীৱন যাপন কৰিছিল যিটো আমাৰ সকলোৰে বাবে আদৰ্শ হোৱা উচিত৷” (IANS)