সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Agriculture  / ‘বহিম,কিন্তু একেবোৰ কথাকে নুলিয়াব !

‘বহিম,কিন্তু একেবোৰ কথাকে নুলিয়াব !

সপ্তম লানি বৈঠকৰ আগমুহুৰ্তত কৃষকে সকীয়ালে কেন্দ্ৰক

দিল্লী,২৩ডিচেম্বৰ: কৃষক সংগঠনসমূহৰ প্ৰতিনিধিত্বমূলক সংগঠন সংযুক্ত কিষাণ মৰ্চাই কেন্দ্ৰীয় চৰকাৰৰ পৰা আলোচনাত বহাৰ বাবে পুনৰ বাৰ আমন্ত্ৰণ পোৱাৰ পিছত এই আমন্ত্ৰণ ৰক্ষা কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ৷ সেই অনুসৰি সংগঠনটোৰ ফালৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হৈছে যে তেওঁলোকৰ লগত কি আলোচনা কৰিব বিচাৰিছে সেইটো স্পষ্টকৈ জনাই দিয়ক চৰকাৰে ৷ সংগঠনটোৰ ফালৰ পৰা কোৱা হৈছে যে এতিয়ালৈকে ৬ বাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰা হৈছে যদিও কোনো সঠিক সিন্ধান্তত উপনীত হোৱা নাই দুই পক্ষই ৷ সেয়ে চৰকাৰে যাতে পুনৰ সংশোধনীৰ কথা উলিয়াই অবাবত সময় নষ্ট নকৰে সেই বিষয়টো স্পষ্টকৈ সকীয়াই দিয়ে সংগঠনটোৱে ৷ সংযুক্ত কিষাণ মৰ্চাই এই কথা স্পষ্টকৈ কয় যে চৰকাৰে কৃষক সংগঠনৰ মাজত বিভাজন সৃষ্টি কৰিব বিচাৰিছে আনকি তেওঁলোকে কৃষকক বিছিন্নতাবাদী,খালিস্তানী আদি নামাকৰণ কৰি এই সমগ্ৰ প্ৰতিবাদৰ বিষয়টোক উপলুঙা কৰিছে ৷ (IANS