দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ব্ৰিটেইনৰ সংসদো কঁপিছে

ব্ৰিটেইনৰ সংসদো কঁপিছে

বৃটিছ প্ৰধানমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ ক’লে শিখ সাংসদ

ছণ্ডীগড়,২৩ডিচেম্বৰ: ব্ৰিটেইন লেবাৰ পাৰ্টিৰ সাংসদ টনমনজিৎ ধেছীয়ে ভাৰতত চলি থকা কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন আগবঢ়াই আজি সংসদত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী গৰাকীক এই প্ৰতিবাদী কৃষক সকল আৰু কৃষি আইন সম্পৰ্কত তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ অনুৰোধ জনাইছে ৷ উল্লেখযোগ্য যে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন অহা মাহত ভাৰত ভ্ৰমণলৈ অহাটো নিশ্চিত হৈছে আৰু সেয়ে ভাৰতত চলি থকা কৃষক বিক্ষোভৰ বিষয়টো সম্পৰ্কত তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ অনুৰোধ জনাই সাংসদ গৰাকীয়ে ৷

গুৰুত্বপূৰ্ণ বিষয় এয়ে যে ধেছীয়ে ইয়াৰ আগতেও বৃটিছ প্ৰধানমন্ত্ৰী গৰাকীক কৃষকৰ প্ৰতিবাদ সম্পৰ্কত তেওঁৰ স্থিতি ৰাজহুৱা কৰিবলৈ দাবী জনাইছিল ৷ ধেছীয়ে লগতে এই কথাও উল্লেখ কৰিছে যে বহু কেইগৰাকী সাংসদে এই বিষয়টো সমন্ধে তেওঁৰ স্থিতি জনাবৰ বাবে পত্ৰ প্ৰেৰণ কৰিব ৷ তেওঁ যিহেতু ভাৰত ভ্ৰমণলৈ আহিব গতিকে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ লগত এই বিষয়টো আলোচনা কৰি এই স্থিতাৱস্থাৰ অন্ত পেলাব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷ (IANS)