বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / ক’ভিডে খহালে তিনি ভোটাতৰা

ক’ভিডে খহালে তিনি ভোটাতৰা

কংগ্ৰেছ দলটোৱে ক’ভিডৰ বাবেই ৩ গৰাকী সম্পদক হেৰুৱালে

নতুন দিল্লী,২৪ ডিচেম্বৰ: ২০২০ বৰ্ষটোত ক’ভিডে সমগ্ৰ বিশ্ববাসীক জুৰুলা কৰাৰ সমান্তৰালভাৱে ভাৰতৰ কংগ্ৰেছ দলটোকো ভয়ংকৰভাৱে ক্ষতি কৰিলে ৷ এই ক’ভিডত আক্ৰান্ত হৈয়ে প্ৰাণ হেৰুৱালে কংগ্ৰেছ দলৰ তিনি গৰাকী জ্যেষ্ঠ নেতাই ৷

উল্লেখযোগ্য যে উক্ত তিনি নেতাই আছিল গান্ধী পৰিয়ালৰ ঘনিষ্ঠ, কংগ্ৰেছৰ পথপ্ৰদৰ্শক আৰু ত্ৰাণকৰ্তা ৷ এই তিনিজন নেতা ক্ৰমে আহমেদ পেটেল,তৰুণ গগৈ আৰু মতিলাল ভ’ৰা ৷ প্ৰয়াত আহমেদ পেটেল আছিল দলটোৰ জ্যেষ্ঠ নেতা আৰু দলৰ সকলো সমস্যাৰ সমাধানৰ কৌশল উদ্ভাৱক ৷

কংগ্ৰেছ দলত দেখা দিয়া যিকোনো বিসম্বাদ নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছিল এই আহমেদ পেটেলক ৷ আনকি শেহতীয়াকৈ ৰাজস্থানত পাইলট আৰু গেহলটৰ মাজৰ মনোমালিন্য নিৰাময়ৰ দায়িত্বও দিয়া হৈছিল এই পেটেলকেই ৷ একমাত্ৰ তেওঁৰ প্ৰচেষ্টাতেই শচীন পাইলট আকৌ দলটোলৈ ঘূৰি আহিছিল ৷


ঠিক সেইদৰে উত্তৰ পূবৰ কংগ্ৰেছৰ ৰাজনীতিৰ গুৰিবঠা ধৰিছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ শক্তিহীন, নিশকতীয়া দলটোক আঞ্চলিকতাবাদী শক্তিৰ হাতৰ পৰা ক্ষমতা কাঢ়ি আনি ক্ষমতাৰ বাঘজৰীডাল তুলি দিয়াৰ ক্ষেত্ৰত তৰুণ গগৈৰ অৱদান সবাতোকৈ বেছি ৷ সন্ত্ৰাসজৰ্জৰ অসমত শান্তি স্থাপনৰ ক্ষেত্ৰতো তৰুণ গগৈৰ অৱদান আছিল সৰ্বাধিক ৷ একেলেথাৰিয়ে তিনিটাকৈ কাৰ্যকাল মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি সমগ্ৰ অসমৰ শিক্ষা,স্বাস্থ্য,পৰ্যটন আদি খণ্ডৰ সম্পূৰ্ণ বৰণেই সলাই পেলোৱাৰ কৃতিত্বও তৰুণ গগৈৰে ৷

উল্লেখযোগ্য যে তেৱোঁ আছিল গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ ব্যক্তি আৰু হাইকমাণ্ডৰ অতি বিশ্বাসভাজন ৷ সৌ সিদিনা মৃত্যুক সাৱটি লোৱা মতিলাল ভোৰাও আছিল কংগ্ৰেছৰ এগৰাকী সম্পদ ৷ গান্ধী পৰিয়ালৰ অতি বিশ্বাসী ভ’ৰাই মৃত্যুৰ আগলৈকে দলটোৰ প্ৰতি সেৱা আগবঢ়াইছিল ৷

২০২০ চনৰ মাৰ্চ মাহলৈকে তেওঁ সাংসদ হিচাপে সেৱা আগবঢ়াইছিল ৷ এগৰাকী কাউঞ্চিলৰৰ পৰা সৰ্বভাৰতীয় নেতা হোৱা ভ’ৰাই দলটোক সদায়েই নিজৰ উপস্থিতিৰে সক্ৰিয় আৰু সজীৱ কৰি ৰাখিছিল ৷ মধ্য প্ৰদেশৰ ৰাজনীতিৰ এক অবিচ্ছেদ্য অংগ আছিল ভ’ৰা ৷ উক্ত তিনিও জন নেতাই আছিল কংগ্ৰেছৰ সম্পদ আৰু বিঘিনিনাশক ৷ কিন্তু দুখৰ বিষয় এইয়ে যে আন ৰোগত আক্ৰান্ত হৈ থাকিলেও ক’ভিডৰ বাবেহে তেওঁলোকে অৱশেষত ইহলীলা সম্বৰণ কৰিবলগীয়া হয় ৷ (IANS)