বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কাৰ্যালয় ভাঙিলে বিজেপিৰ কৰ্মীয়ে

কাৰ্যালয় ভাঙিলে বিজেপিৰ কৰ্মীয়ে

কেজৰিৱালক কৃষি আইন সমৰ্থন কৰিবলৈ ক’লে বিজেপিয়ে

নতুন দিল্লী,২৪ ডিচেম্বৰ : দিল্লী জলবৰ্ডৰ উপাধ্যক্ষ তথা আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ কাৰ্যালয়ত  আজি বিজেপিৰ কৰ্মীয়ে লণ্ডভণ্ড কৰা বুলি অভিযোগ কৰিছে স্বয়ং উপাধ্যক্ষ গৰাকীয়ে ৷ “বিজেপি কৰ্মীয়ে আজি দুপৰীয়া ১২-৩০ বজাত আমাৰ কাৰ্যালয়ত প্ৰবেশ কৰি সমগ্ৰ কাৰ্যালয়ৰ আচবাব ভাঙি চূৰমাৰ কৰে ৷ আনকি আমাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আলোকচিত্ৰও ভাঙি পেলায় ৷ ”
“বিজেপি গুণ্ডাই আমাৰ মুখ্যমন্ত্ৰী বিৰোধী শ্লোগান দিয়ে আৰু আমাৰ কাৰ্যালয়ৰ কৰ্মচাৰীক মাৰধৰ কৰে ৷ তেজৰ চেকুঁৰা এতিয়াও মজিয়াত পৰি আছে ” চাড্ডাই লগতে কয়৷চাড্ডাই আৰু কয় যে বিজেপিৰ গুণ্ডা বাহিনীয়ে তেওঁৰ নাম উচ্চাৰণ কৰি গালি গালাজ কৰে আৰু কেজৰিৱালে যাতে কৃষকৰ পক্ষ নলয় আৰু কৃষি আইনৰ সপক্ষে মাত মাতিবলৈ সকীয়াই দিয়ে ৷ (IANS)