মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ঘৰতো থ্ৰী ডি প্ৰযুক্তি !

ঘৰতো থ্ৰী ডি প্ৰযুক্তি !

দেশত প্ৰথমবাৰৰ বাবে থ্ৰী ডি প্ৰিণ্টিং প্ৰযুক্তিৰ সহায়ত গৃহ নিৰ্মাণ

নতুন দিল্লী,২৪ ডিচেম্বৰ : গৃহ তথা আন নিৰ্মাণ কাৰ্যৰ এক অত্যন্ত আধুনিক সংযোজন হৈছে থ্ৰী ডি প্ৰিণ্টিং প্ৰযুক্তি ৷ এই প্ৰযুক্তিৰ সহায়ত সম্পূৰ্ণ কম্পিউটাৰ পৰিচালিত যন্ত্ৰত কংক্ৰিট ইত্যাদি নিৰ্মাণ সামগ্ৰীৰ ব্যৱহাৰ কৰি তৰপে তৰপে তথা অত্যন্ত সুক্ষ্মভাৱে গৃহ ইত্যাদিৰ নিৰ্মাণ কৰা হয় ৷ বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশত এই থ্ৰী ডি প্ৰযুক্তিৰ নিৰ্মাণ কাৰ্যই ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে ৷ এই সমগ্ৰ প্ৰক্ৰিয়াটো তাৎক্ষণিক,কম ব্যয়বহুল,গুণগতভাৱে যথেষ্ট উচ্চ মানদণ্ডৰ তথা প্ৰদূষণ সৃষ্টি নকৰে ৷ এই প্ৰযুক্তি এতিয়া ভাৰতত পোন প্ৰথমবাৰৰ বাবে প্ৰখ্যাত নিৰ্মাণকাৰী সংস্থা লাৰচেন এণ্ড টুব্ৰোয়ে ব্যৱহাৰ কৰি গৃহ নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ ৭০০বৰ্গ ফুটৰ G+1 গৃহৰ নিৰ্মাণ কৰিবলৈ প্ৰতিষ্ঠানটোৰ কাঞ্চীপুৰমৰ কাৰ্যালয়ত থ্ৰী ডি প্ৰিণ্টিঙৰ সহায়ত এক গৃহৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে ৷ এই প্ৰযুক্তিয়ে ভাৰতত প্ৰায় সকলো নাগৰিককে এক আবাসগৃহ প্ৰদানৰ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ৰূপায়ণতো যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে ৷