বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বৰদিনৰ বাবে গোৱা সাজু

বৰদিনৰ বাবে গোৱা সাজু

ক’ভিড নীতি নিয়ম মানি পালন কৰা হ’ব বৰদিন

পানাজী,২৪ ডিচেম্বৰ: গোৱা চৰকাৰে কাইলৈ উদযাপন হ’বলগীয়া বৰদিনৰ বাবে ৰাজ্যখনত থকা সকলো গীৰ্জাঘৰ সাজু কৰি তুলিছে ৷ ক’ভিডৰ সকলো নীতি নিয়ম মানি এইবাৰ গীৰ্জাসমূহত বৰদিন উদযাপন কৰা হ’ব ৷ ফ্ৰেন্স ৱাল্টাৰ ডিচ’জাই কয়“আমাৰ গীৰ্জাত ১০০ লোকে একেলগে প্ৰাৰ্থনাত অংশ ল’ব পাৰিব ৷ দুজন ব্যক্তিৰ মাজত ৬ ফুট দূৰত্বৰ ব্যৱধান ৰখাটো বাধ্যতামূলক কৰা হৈছে ৷ প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে মুখত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক”- এনেদৰে কয় যাজক ডিচুজাই ৷ “ এইবাৰ  ক’ভিডৰ মাজতে বৰদিন উদযাপন কৰিব লাগিব ৷ “উদ্দেশ্য আমাৰ আন্ধাৰৰ মাজত পোহৰৰ সন্ধান কৰা ৷ ক’ভিডক প্ৰতিহত কৰাৰ বাবে আমি বদ্ধপৰিকৰ”-এনেদৰে কয় ডিচুজাই ৷ আনহাতে ,গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱন্ত আৰু ৰাজ্যপাল ভগত সিঙে ৰাজ্যবাসীলৈ বৰদিনৰ বাবে শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰিছে ৷ (IANS)