বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Economy  / ভাললৈ আহিছে অৰ্থনীতি

ভাললৈ আহিছে অৰ্থনীতি

ৰিজাৰ্ভ বেংকৰ শেহতীয়া প্ৰতিবেদনত ভাৰতীয় অৰ্থনীতিৰ দ্ৰুতগতিত উদ্ধাৰ হোৱাৰ দাবী

নতুন দিল্লী,২৪ডিচেম্বৰ : ভাৰতৰ ৰিজাৰ্ভ বেংকৰ শেহতীয়া প্ৰতিবেদনত ভাৰতৰ অৰ্থনীতিয়ে দ্ৰুতগতিত পুনৰুদ্ধাৰ হোৱাৰ যথেষ্ট ইংগিত দিছে বুলি উল্লেখ কৰা হৈছে ৷ আজি ডিচেম্বৰ মাহৰ বাবে যুগুত কৰা মাহেকীয়া প্ৰতিবেদনৰ উদ্ধৃতি দি কোৱা হৈছে যে প্ৰায় সকলো শিতানতে অৰ্থনীতিয়ে সদ্যহতে কভিডৰ মেৰপেচৰ পৰা নিজকে উদ্ধাৰ কৰি পূৰ্বে আশংকা কৰা ধৰণে থানবান হোৱা নাই,বৰঞ্চ আশা কৰাতকৈও বেছি দ্ৰুতগতিত অৰ্থনৈতিক বিকাশৰ ছবি এতিয়া পৰিস্কাৰ হৈ পৰিছে ৷

উল্লেখযোগ্য যে বিত্তীয় বৰ্ষৰ তৃতীয় কোৱাৰ্টাৰত ( অক্টোবৰ, নৱেম্বৰ,ডিচেম্বৰ ) অৰ্থনীতিয়ে পুনৰ যোগাত্মক বিকাশৰ গতি লাভ কৰিব বুলিও কোৱা হৈছে৷মাত্ৰ কেইমাহমানৰ আগতে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ – ২৪% হোৱাৰ বিপৰীতে এতিয়া যোগাত্মক ০.১% হোৱা কথাটো এক উল্লেখযোগ্য অৰ্থনৈতিক উন্নয়নৰ লক্ষণ ৷  ৰিজাৰ্ভ বেংকৰ মাহেকীয়া প্ৰতিবেদনত লগতে উল্লেখ কৰা হয় যে দ্বিতীয় কোৱাৰ্টাৰত ( জুলাই,আগষ্ট,ছেপ্টেম্বৰ ) দেশৰ অৰ্থনীতি পূৰ্বে আশংকা কৰা ধৰণে নিম্নগামী হোৱা নাছিল তথা দ্বিতীয় কোৱাৰ্টাৰতে দেশৰ অৰ্থনৈতিক সুস্থিৰতা বহু পৰিমাণে ঘুৰি আহিছিল ৷ গতিকে তৃতীয় কোৱাৰ্টাৰত অৰ্থনীতি দ্বিতীয় কোৱাৰ্টাৰৰ তুলনাত বহু পৰিমাণে উদ্ধমুখী হৈছে বুলি আজি প্ৰকাশিত ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷

এই গতিত অৰ্থনীতিৰ পুনৰুদ্ধাৰ হৈ থাকিলে ২০২১-২২বিত্তীয় বৰ্ষৰ প্ৰথম কোৱাৰ্টাৰত ( এপ্ৰিল,মে,জুন ) অৰ্থনৈতিক বিকাশৰ হাৰ ১৪.২% হ’ব বুলিও এই প্ৰতিবেদনত দাবী কৰা হৈছে৷দুটা প্ৰধান কাৰকৰ বাবে দেশত অৰ্থনীতিৰ দ্ৰুত উন্নয়ন হৈছে বুলি এই প্ৰতিবেদনত দাবী কৰা হৈছে ৷ প্ৰথম,দেশত বিগত সময়চোৱাত প্ৰত্যেক সপ্তাহতে কভিডৰ সংক্ৰমণৰ সংখ্যা ক্ৰমান্বয়ে নিম্নগামী হৈছে তথা ভাৰতত প্ৰায় ৯৫% ক’ভিড আক্ৰান্ত আৰোগ্য হৈছে৷তাৰোপৰি দেশ বিদেশৰ বহুকেইটা ঔষধ প্ৰতিষ্ঠানত ইতিমধ্যেই প্ৰতিষেধক প্ৰস্তুত হৈ উঠিছে ৷ দ্বিতীয়তে,বিভিন্ন আঁচনিৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে হিতাধিকাৰী সকলৰ হাতত পোনপতীয়াকৈ বিত্তীয় সাহায্য প্ৰদান কৰিছে তথা  ’আত্মনিৰ্ভৰ ভাৰত’ অভিযানে দেশৰ বিভিন্ন অংশত পুনৰ অৰ্থনীতি জীৱিত কৰাত উল্লেখযোগ্য অৱদান যোগাইছে ৷