সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Economy  / Entrepreneurs  / মমতাক নামাতিলে বিশ্বভাৰতীয়ে

মমতাক নামাতিলে বিশ্বভাৰতীয়ে

পশ্চিম বংগৰ মুখ্যমন্ত্ৰীকে নিমন্ত্ৰণ নজনালে বিশ্বভাৰতী কৰ্তৃপক্ষই

কলকাতা,২৪ ডিচেম্বৰ: নবেল বটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা বিশ্বমানৰ বিশ্ববিদ্যালয় বিশ্বভাৰতীৰ এশ বছৰীয়া জয়ন্তী অনুষ্ঠানত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আমন্ত্ৰণ কৰা হোৱা নাই বুলি অভিযোগ তুলিছে দলটোৰ তৰফৰপৰা ৷ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা দপ্তৰৰ মন্ত্ৰী ব্ৰাত্য বসুৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলি অংশ ল’বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক নিমন্ত্ৰণ কৰা হোৱা নাই ৷

“মমতা বেনাৰ্জী ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সেয়ে তেওঁক ৰাজ্যখনতে অৱস্থিত এখন বিশ্ববিদ্যালয়ৰ ইমান এটা বৃহৎ অনুষ্ঠানত নিমন্ত্ৰণ কৰাটো প্ৰট’কলৰ ভিতৰত পৰে ৷ আমি এতিয়ালৈকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা কোনো নিমন্ত্ৰণ লাভ কৰা নাই ৷ এইটো বাৰু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগত কৰা সঠিক ব্যৱহাৰ হৈছে নে”- এনেদৰে প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে,বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী লৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰা বিষয়টো সম্পৰ্কত তেওঁ কয় “যদি তেওঁলোকে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে তেন্তে তাৰ কিবা তথ্য তেওঁলোকৰ হাতত আছে নে ? অথবা মুখ্যমন্ত্ৰী কাৰ্যালয়ত পত্ৰখন গ্ৰহণ কৰাৰ কিবা প্ৰমাণ আছে নেকি ? যদি উপাচাৰ্যই স্বাক্ষৰ কৰি পত্ৰ প্ৰেৰণ কৰা বুলি কৈছে তেন্তে তেওঁ সেইয়া নিজৰ লগত ৰাখি থৈছে ৷

”মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটত উল্লেখ কৰে“বিশ্বভাৰতী বিশ্ববিদ্যালয়ে এশ বছৰ সম্পূৰ্ণ কৰিলে ৷ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ লক্ষ্য আছিল প্ৰতিগৰাকী ছাত্ৰছাত্ৰীক একো একোগৰাকী মানৱ সম্পদ হিচাপে গঢ়ি তোলা ৷ আজি মই এই পবিত্ৰ ক্ষণত বিশ্ববিদ্যালয়খন লক্ষ্যৰ পৰা যাতে বিচলিত নহয় তাৰেই কামনা কৰিছোঁ ৷ ”উল্লেখযোগ্য যে বিশ্বভাৰতী বিশ্ববিদ্যালয়খন ১৯২১ চনত প্ৰতিষ্ঠা কৰিছিল কবিগুৰু গৰাকীয়ে আৰু এই বিশ্ববিদ্যালয়খন পশ্চিমবংগৰ বীৰভুম জিলাত অৱস্থিত ৷ (IANS)