সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ষ্টাম্প পেপাৰ কেলেংকাৰী !

ষ্টাম্প পেপাৰ কেলেংকাৰী !

নগাঁৱত কম মূল্যৰ ষ্টাম্প পেপাৰৰ ব্যাপক নাটনি ৷ এই প্ৰতিবেদন ভাস্কৰ জ্যোতি শ‌ইকীয়াৰ

 নগাঁও, ২৪ ডিচেম্বৰ : নগাঁও জিলা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি জিলাখনত ৫,১০,২০, ৫০ আৰু ১০০ টকা মূল্যৰ দলিলৰ ব্যাপক নাটনি ঘটাত সাধাৰণ ৰাইজৰ মাজত সম্প্ৰতি এক প্ৰকাৰ হাহাঁকাৰ পৰিৱেশ বিৰাজ কৰিছে। বিশেষকৈ নগাঁও জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত থকা উকীল সন্থা আৰু তৰণী সন্থাৰ কাৰ্যালয়ৰ লগতে নগাঁও পঞ্জীয়কৰ কাৰ্যালয়ৰ সন্মুখত বহা ভেণ্ডৰ সকলৰ হাতত দীৰ্ঘদিন ধৰি ষ্টাম্প পেপাৰ ব্যাপক নাটনিয়ে দেখা দিয়াত সৰ্বসাধাৰণ ৰাইজে জ্বলাকলা খাবলগীয়া হৈছে।

সৰ্বসাধাৰণ ৰাইজৰ কম মূল্যৰ দলিল সমূহ বিশেষকৈ ৫ টকীয়া, ১০, ২০, ৫০ আৰু এশ টকীয়া ষ্টাম্প পেপাৰ খুৱেই  প্ৰয়োজন হয়। মূলতঃ নাম সলোৱা, নামৰ শুধৰণি, বিভিন্ন কামত চুক্তি সম্পাদন কৰা, বিবাহ পঞ্জীয়ন আদিৰ এফিডেফিট, বেংকৰ ঋণ, মাটি বাৰী ক্ৰয়-বিক্ৰয়, নামজাৰি, বাটোৱাৰাকে ধৰি অন্যান্য বহু কামৰ বাবে ৫, ১০, ২০, ৫০ আৰু ১০০ টকীয়া ষ্টাম্প পেপাৰ খুবেই প্ৰয়োজনীয়।

তেনে ক্ষেত্ৰত বিগত প্ৰায় তিনি বছৰ ধৰি ৰহস্যজনক ভাবে ৰাজ্যখনৰ আন ঠাইৰ লগতে নগাঁৱতো ষ্টাম্প পেপাৰৰ ব্যাপক নাটনি হোৱাৰ বাবে ৰাইজ চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ ৰাইজে ২০ আৰু ৫০ টকাৰ দলিলৰে সম্পাদন কৰিব পৰা কামটো ১০০/২০০ টকাৰ দলিল ক্ৰয় কৰি কৰিবলগীয়া হোৱাৰ বাবে সৰ্বস্বান্ত হ’বলগীয়া হৈছে। ইপিনে কম মূল্যৰ ষ্টাম্প পেপাৰ সমূহৰ যোগান বন্ধ হৈ থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ ভেণ্ডৰে ৫ টকীয়া ষ্টাম্পটো ৫০ টকাত, ১০ টকীয়াটো ৬০/৭০ টকাত আৰু ২০  টকীয়াটো ১০০ টকাত, ১০০ টকীয়া দলিল ২০০ টকা পৰ্যন্ত বিক্ৰী কৰাৰ অভিযোগ উঠিছে।

উল্লেখ্য, নগাঁও উপায়ুক্ত কাৰ্যালয় চৌহদত প্ৰতিদিনে প্ৰায় লক্ষাধিক টকাৰ ষ্টাম্প পেপাৰ বিক্ৰী হয়। জানিব পৰা মতে, কম মূল্যৰ ষ্টাম্প পেপাৰ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে দীৰ্ঘদিন ধৰি পৰ্যাপ্ত পৰিমাণে যোগান ধৰা নাই। যাৰ বাবে ৰাইজৰ চাহিদা অনুপাতে ইয়াৰ নাটনি দিনক দিনে বৃদ্ধি পাইছে। জিলাখনৰ ৰাইজে চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে পৰ্যাপ্ত ষ্টাম্প পেপাৰ জিলাখনৰ বাবে যোগান ধৰিবলৈ  দাবী জনাইছে।

মন কৰিবলগীয়া বিষয় এই যে, চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ বাবে ই-ষ্টাম্পৰ ব্যৱস্থা কৰিছে যদিও নগাঁৱত সেয়া উপলব্ধ নহয়। কিয়নো নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত অৱস্থিত লাওখোৱা ৰোডত ই-ষ্টাম্প পেপাৰ বিক্ৰেতা প্ৰতিষ্ঠান আছে য’ত যাবলৈ ৰাইজে প্ৰায় ১০০ টকা পৰ্যাপ্ত ৰিক্সা ভাড়া ভৰিব লগা হয়। তদুপৰি উপায়ুক্ত কাৰ্যালয় নাইবা ৰাজহ বিভাগৰ অধীনস্থ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা ই – ষ্টাম্প পেপাৰ ক্ৰয় কৰিবলৈ আহ যাহ কৰাৰ বাবে প্ৰায় এঘন্টা সময়ৰ প্ৰয়োজন হয়। ফলত অধিকাংশ ৰাইজে অত্যাধিক খৰচ বহন কৰি হ’লেও তৰণি সন্থাৰ কাৰ্যালয়,পঞ্জীয়কৰ কাৰ্যালয়ৰ একাংশ ভেণ্ডৰৰ পৰা  ষ্টাম্প পেপাৰ ক্ৰয় কৰি নিজৰ কাম সমাধা কৰে। ইপিনে, ভোটাৰ লিষ্টৰ প্ৰত্যায়িত প্ৰতিলিপিৰ বাবে প্ৰয়োজন হোৱা ৭৫ পইচা মূল্যৰ ফলিঅ’ৰো কৃত্ৰিম নাটনি দেখুৱাই ব্যাপক লুন্ঠন চলাই থকা হৈছে।

নিয়ম অনুসৰি, জিলা নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ে এই ফলিঅ’ নিজে ক্ৰয় কৰি সৰ্বসাধাৰণ ৰাইজক ভোটাৰ তালিকাৰ প্ৰত্যায়িত প্ৰতিলিপি দিব লাগে যদিও বিভিন্ন অজুহাত দেখুৱাই সেই ফলিঅ’ পৰ্যাপ্ত নহয় বুলি দাবী কৰে। ফলত ৭৫ পইচা মূল্যৰ ফলিঅ’ ৰাইজে ১০ টকাত ক্ৰয় কৰিব লগা হৈছে। ইপিনে, ষ্টাম্প পেপাৰৰ নাটনি সন্দৰ্ভত জিলা কোষাগাৰৰ অধীক্ষক গৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে বিগত এবছৰ ধৰি কম মূল্যৰ দলিল চৰকাৰে পৰ্যাপ্ত পৰিমাণে যোগান ধৰা নাই। যাৰ বাবে ৰাইজৰ কিছু অসুবিধা হৈছে। তেওঁ জিলাখনলৈ প্ৰয়োজনীয় ষ্টাম্প পেপাৰ যোগান ধৰিবলৈ চৰকাৰক লিখিত ভাবে অৱগত কৰিছে বুলি জানিবলৈ দিয়ে।