শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ১৩ ৰহিংগীয়া ধৃত

১৩ ৰহিংগীয়া ধৃত

ত্ৰিপুৰা সীমান্তৰে অসমত অবাধ প্ৰৱেশ ৰহিংগীয়াৰ

শিলচৰ,২৪ ডিচেম্বৰ: ম্যানমাৰৰ পৰা অসম সীমান্তত প্ৰৱেশ কৰা ১৩ ৰহিংগীয়াক আজি কৰিমগঞ্জ আৰক্ষীয়েকৰিমগঞ্জ কৰিছে ৷ উল্লেখযোগ্য যে বিগত এমাহৰ ভিতৰত আজিলৈকে গ্ৰেপ্তাৰ কৰা ৰহিংগীয়াৰ সংখ্যা হৈছেগৈ মুঠ ৩৫ জন ৷ ইয়াৰ ভিতৰত মহিলা আৰু শিশুও আছে ৷ কৰিমগঞ্জৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ধৃত লোক কেইজন বাংলাদেশৰ শৰণাৰ্থী শিবিৰৰ পৰা পলাই আহি অসমত প্ৰৱেশ কৰিছিল ৷ ২০ ৰ পৰা ৩৩ বছৰ  বয়সৰ পুৰুষ মহিলাৰ এই গোটটো বাংলাদেশৰ শৰণাৰ্থী শিবিৰৰ পৰা ত্ৰিপুৰাত প্ৰৱেশ কৰিছিল আৰু ত্ৰিপুৰাৰ পৰা শিলচৰলৈ আহি গুৱাহাটী অভিমুখী নৈশ বাছত উঠোতেই তেওঁলোকক আটক কৰে কৰিমগঞ্জ আৰক্ষীয়ে ৷ বাংলাদেশৰ পৰা অহা এই ৰহিংগীয়াই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰবেশ কৰি কৰ্মসংস্থাপন বিচৰাৰ পৰম্পৰা ২০১৭ চনৰ পৰাই অব্যাহত আছে যিটোৱে সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ (IANS)