দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Agriculture  / টোলগেট বন্ধ কৰিলে কৃষকে

টোলগেট বন্ধ কৰিলে কৃষকে

প্ৰতিবাদী কৃষকে বন্ধ কৰিলে হাৰিয়ানাৰ টোলগেট

চণ্ডীগড়,২৫ ডিচেম্বৰ: হাৰিয়ানাৰ প্ৰতিবাদী কৃষকসকলে ৰাজ্যখনৰ ২ খন টোলগেট নিজৰ নিয়ন্ত্ৰণলৈ আনি যানবাহনৰ আহযাহ বন্ধ কৰি দিছে ৷ বিগত ২৬ নৱেম্বৰৰ পৰা চলি থকা কৃষকৰ প্ৰতিবাদে ইতিমধ্যে আজি এমাহত ভৰি দিলে ৷ এতিয়ালৈকে চৰকাৰৰ লগত ৬ বাৰকৈ আলোচনা অনুষ্ঠিত হ’ল যদিও এই আলোচনাৰ কোনো সমাধানসূত্ৰ ওলোৱা নাই ৷ শীতৰ হাড় কপোঁৱা জাৰৰ মাজতো পঞ্জাৱ,উত্তৰ প্ৰদেশ,হাৰিয়ানাৰ কৃষকে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ উপায়হীন হৈ আজি হাৰিয়ানাত প্ৰতিবাদী কৃষকে ৰাজ্যখনত থকা টোলগেট কেইখন সাময়িকভাৱে অধিগ্ৰহণ কৰিছে আৰু টোল গেটেৰে যানবাহনৰ প্ৰৱেশ- প্ৰস্থান নিষিদ্ধ কৰিছে ৷ পঞ্জাৱত থকা টোলগেট সমূহো সম্পূৰ্ণ বন্ধ কৰি দিছিল প্ৰতিবাদকাৰীয়ে কিন্তু শেহতীয়াকৈ যানবাহন অহা যোৱা কৰাৰ বাবে পথ মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে ৷ (IANS)