দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / দাম বাঢ়িব ভক্সৱাগনৰ

দাম বাঢ়িব ভক্সৱাগনৰ

ভক্সৱাগনৰ বাহনৰ মূল্য বৃদ্ধি হ’ব ১ জানুৱাৰীৰ পৰা

নতুন দিল্লী,২৫ ডিচেম্বৰ: ভাৰতৰ অৰ্থনীতিৰ বিগত দুমাহত দ্ৰুতগতিত পুনৰুত্থান হোৱাৰ ফলস্বৰূপে দেশী-বিদেশী প্ৰায়বোৰ বাহন নিৰ্মাণকাৰী সংস্থা যেনে মহিন্দ্ৰা,বি এম ডব্লিউ ইত্যাদিয়ে নিজৰ বাহনসমূহৰ মুল্যবৃদ্ধিৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে ৷ এইবাৰ আন এটা বিদেশী বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভক্সৱাগনে ইয়াৰ জনপ্ৰিয় দুই মডেল ক্ৰমে প’লো তথা ভেন্টোৰ মূল্য ২০২১চনৰ ১ জানুৱাৰীৰ পৰা ২.৫% বৃদ্ধি হ’ব বুলি ঘোষণা কৰিছে ৷

মূলতঃ বাহন নিৰ্মাণ কৰোতে প্ৰয়োজন হোৱা বিভিন্ন কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা বাবেই প্ৰতিষ্ঠানটোৱে বাহনৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছে বুলি কোৱা হৈছে যদিও ক’ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজে ৰাজহুৱা বাহন যেনে বাছ,টেক্সি ইত্যাদিৰ পৰিৱৰ্তে ব্যক্তিগত বাহনৰ যোগেদি যাতায়ত কৰাত যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৷ সেইবাবে ক’ভিডৰ সংক্ৰমণৰ মাজতো প্ৰায়বোৰ বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠানে বিগত মাহকেইটাত পূৰ্বতকৈ অধিক বাহন বিক্ৰী কৰা পৰিলক্ষিত হৈছিল ৷

তাৰোপৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি বেংকসমূহে ঋণ লোৱা গ্ৰাহকসকলক ৬মাহৰ EMI পৰিশোধৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়াত গ্ৰাহকসকলৰ হাতত কিছু জমা টকা ৰৈ গৈছিল ৷ প্ৰায়বোৰ গ্ৰাহকেই ৬মাহৰ ঋণ পৰিশোধৰ ক্ষেত্ৰত লাভ কৰা এই শিথিলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি পুৰণা বাহনৰ পৰিৱৰ্তে নতুন বাহন ক্ৰয় কৰা পৰিলক্ষিত হৈছে ৷