দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Agriculture  / ম’বাইল সংযোগ ব্যাহত নকৰিব !

ম’বাইল সংযোগ ব্যাহত নকৰিব !

প্ৰতিবাদী কৃষকে বিছিন্ন কৰিছে ম’বাইল সংযোগ

চণ্ডীগড়,২৫ ডিচেম্বৰ: পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে প্ৰতিবাদী কৃষকসকলক ম’বাইল টাৱাৰসমূহৰ বিদ্যুত সংযোগ বিছিন্ন নকৰিবলৈ আহ্বান জনাইছে ৷ উল্লেখযোগ্য যে প্ৰতিবাদী কৃষকসকলে ৰাজ্যখনৰ ম’বাইল টাৱাৰসমূহত বিদ্যুত সংযোগ বিছিন্ন কৰাৰ ফলত সকলো ধৰণৰ দৈনন্দিন কাৰ্যকলাপ চলোৱাত বাধিৰ সৃষ্টি হৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষকসকলক  সিংঘু সীমান্তত প্ৰতিবাদৰ সময়ত নিয়মানুবৰ্তিতা পালন কৰাৰ দৰেই পঞ্জাৱতো তেওঁলোকক নিয়মানুবৰ্তিতা পালন কৰাৰ বাবে আহ্বান জনাইছে ৷ বলপূৰ্বকভাৱে বিদ্যুত যোগান ব্যাহত কৰাৰ ফলত ৰাজ্যখনৰ ভাগি পৰা অৰ্থনীতি পুনৰ ঠন ধৰি উঠাত সমস্যাৰ সৃষ্টি হ’ব বুলি শংকা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তদুপৰি টেলিকম শাখাত ৰাজ্যখনত বিভিন্ন কোম্পানীয়ে বিনিয়োগ কৰাৰ কথা আছিল যদিও এই যোগাযোগৰ সমস্যাৰ বাবে তেওঁলোকে বিনিয়োগ কৰিবলৈ ভয় খাব বুলিও সন্দেহ ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ (IANS)